Class 10 Assamese Chapter 1 বৰগীত Question Answer - SEBA HSLC 2026

Rag Jyoti saikia
By -
0

বন্ধু- বান্ধৱী সকল আজি মই Class 10 Assamese question answer Chapter 1 বৰগীতৰ প্ৰশ্ন উত্তৰ খিনি পাৱা আৰু লগতে কিছুমান অতিৰিক্ত প্ৰশ্ন উত্তৰ পাবা । বন্ধু- বান্ধৱী সকল মই ভাবো তোমালোক বৰগীতটো এবাৰ হলেও পঢ়িছা কিয়নো তোমালোকে যদি নপঢ়া তেনেহলে তোমালোকে ভালেকে বুজি নাপাৱা। আৰু লগতে কবিৰ পৰিচয় যিকোনো chapter ৰ ভালকে চাবা । আশা কৰিলো তোমালোকে HSLC final exam ভালকে দিৱা । — Axom Pathshala 




class 10 assamese question answer chapter 1




Class 10 Assamese Chapter 1 বৰগীত - শ্ৰীশ্ৰীমাধৱদেৱ  Question Answer SEBA  2026 |X HSLC 


 ১) চমু প্ৰশ্ন উত্তৰ লিখা (1 mark)

ক) ".........নেৰিবা বান্ধৱ মোক জীৱনে মৰণে।"

—কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে কাক অনুৰোধ কৰিছে?

= কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে ভগৱানক অনুৰোধ কৰিছে ।

খ) 'সনক সনন্দ যোগী যাহাকু ধিয়ায়। '

— সনক ,সনন্দ আদি যোগীসকলে কাক ধ্যান কৰে বুলি কৈছে ?

= সনক ,সনন্দ আদি যোগীসকলে ভগৱান শ্ৰীকৃষ্ণক ধ্যান কৰে বুলি কৈছে ।

গ) কবি কিহত আতুৰ হোৱা বুলি কৈছে ?

= বিষয় বিকলত আতুৰ হোৱা অৰ্থাৎ মানুহৰ জীৱনত কষ্টত বা সাংসাৰিক সুখ বা ভোগ-বিলাসত মগ্ন হৈ আত্মিক যন্ত্ৰণাত ভোগাত আতুৰ হোৱা বুলি কৈছে ।

ঘ) বৰগীতটি কোনে ৰচনা কৰা ?

= বৰগীতটি শ্ৰীশ্ৰীমাধৱদেৱৰ দ্বাৰা ৰচনা কৰা ।

ঙ) বৰগীতটি কি ৰাগত বন্ধা আছে ?

= শ্ৰীশ্ৰীমাধৱদেৱৰ দ্বাৰা ৰচিত এই বৰগীতটি 'বসন্ত' ৰাগত বন্ধা আছে ।

চ) কবিয়ে 'বান্ধৱ' বুলি কাক সম্বোধন কৰিছিল?

= কবিয়ে 'বান্ধৱ' বুলি ভগৱান শ্ৰীকৃষ্ণক সম্বোধন কৰিছিল ।

ছ) 'মোহ-পাশ' মানে কি ?

= বৰগীতটিৰ মোহ-পাশ মানে মায়াক বুজাই যিয়ে আমাক জীৱনৰ লক্ষ্য পৰা আতৰাই নিয়ে ।


2) বৰগীতটিৰ মূলভাৱ লিখা । (3 mark)

= বৰগীতটিৰ মূলভাৱ:-( কিতাপত দিয়াৰ মতে )

হৰিৰ মহিমা অপাৰ। যোগসিদ্ধ পুৰুষেও তেওঁক ধ্যান কৰে। নিগম শাস্ত্রই তেওঁক বিচাৰি নাপায় আৰু তেওঁৰ মহিমাৰ কথা কৈও শেষ কৰিব নোৱাৰি। এনেহেন পৰম মহিমাময় হৰিক উপলব্ধি কৰাটো সাধাৰণ মানুহৰ বাবে তেনেই অসম্ভব। বিষয় বিকলত আতুৰ হৈ কষ্ট পোৱা মানুহে তেওঁৰ চৰণকমলত আশ্রয় লৈ সেই কষ্টৰ পৰা মুক্তি পাব পাৰে। হৰিৰ চৰণযুগল হ'ল পৰম ধন আৰু ভকতৰ বাবে হৰিয়েই হ'ল জীবন স্বৰূপ। হৰিৰ কৃপা লাভ কৰিব পাৰিলে মানুহে মোহ পাশৰ পৰা মুক্তিলাভ কৰিব পাবে।

                                   বা /OR

বৰগীতটিৰ মূলভাৱ :- এই বৰগীতটি শ্ৰীশ্ৰীমাধৱদেৱৰ দ্বাৰা ৰচিত এই গীত। এই বৰগীতটিৰ দ্বাৰা শ্ৰীশ্ৰীমাধৱদেৱে আমাক কৈছে যে আমি সেই ভগৱানক যি জনক যোগসিদ্ধ পুৰুষেও ধ্যান কৰে যি জনক জনম জনম ধৰি ধ্যান তপস্যা কৰিওঁ বিচাৰ নাপাই। যি জনক বিভিন্ন শাস্ত্ৰ সমূহেও তেওঁৰ মহিমাৰ বৰ্ণনা কৰে । তেওঁৰ মহিমা কথা সাধাৰণ জনসাধাৰণৰ বাবে বুজাতো আৰু তেওঁক লাভ কৰাটো তেনেই অসম্ভৱ। কিনটো যিবোৰ মানুহে বিষয় বিকলত আতুৰ হৈ কষ্ট পোৱা মানুহে তেওঁৰ চৰণকমলত আশ্রয় লৈ সেই কষ্টৰ পৰা মুক্তি পাব পাৰে । তেওঁৰ সেই দুয়ো চৰণ কমল হ'ল পৰম ধন আৰু ভকতৰ বাবেই হৰিয়েইহ'ল জীবন স্বৰূপ। হৰিৰ কৃপা লাভ কৰিব পাৰিলে মানুহে মোহ পাশৰ পৰা মুক্তিলাভ কৰিব পাবে।




৩) বৰগীতটিৰ ৰচকৰ চমু পৰিচয় দিয়া । (3 mark )

= বৰগীতটিৰ ৰচক হ'ল শ্ৰীশ্ৰীমাধৱদেৱ । শ্ৰীশ্ৰীমাধৱদেৱে নৱ বৈষ্ণৱ ধৰ্মৰ অন্যতম প্রচাৰক আছিল । তেওঁ লক্ষীমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকুপুখুৰীত ১৪৮৯ চনত জন্ম হয়। তেওঁৰ পিতৃ গোবিন্দগিৰী ভুঞা আৰু মাতৃ আছিল মনোৰমা। শংকৰদেৱৰ প্রিয় শিষ্য আছিল মাধৱদেৱ। ধর্ম প্রচাৰৰ লগতে সাহিত্য-সংস্কৃতিৰো পূজাৰী এইজনা মহান গুৰুৰ সাহিত্যিক জীবনৰ কীৰ্তিস্তম্ভ হ'ল 'নামঘোষা'। এহেজাৰটা ঘোষা থকা বাবে এইখনক হেজাৰী ঘোষা বুলিও কোৱা হয়। তেওঁৰ আন আন ৰচনাসমূহ হ'ল-


      • আখ্যানমূলক ৰচনা:-ৰাজসূয় কাব্য, আদিকাণ্ড ৰামায়ণ।


     • তত্ত্বমূলক ৰচনা:-জন্মৰহস্য, ভক্তি-ৰত্নাৱলী আদি 


     • নাট:-অর্জুন-ভঞ্জন বা দধিমথন।


     • ঝুমুৰা :- চোৰধৰা, পিম্পৰা-গুচোৱা, ভূমি-লেটোৱা আদি


মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ দ্বাৰা প্ৰচাৰিত বৈষ্ণৱ ধৰ্মক সাধাৰণ মানুহৰ অধিক কাষ চপাই নিয়াৰ বাবে মাধৱদেৱে তেওঁৰ ৰচনা সমূূহ ঘৰুৱা ভাৱ-ভাষা ব্যৱহাৰ কৰি তাৰ জৰিয়তে জনসাধাৰণক বৈষ্ণব ধর্মৰ তত্ত্বসমূহ সহজে বুজি পোৱাত সহায় কৰিছিল। এই গীতটি মাধৱদেৱৰ দাস্য ভক্তিৰ উৎকৃষ্ট নিদর্শন।


৪) ব্যাখ্যা কৰা : (3/5 mark )

ক) সহস্র বয়নে যাৰ নপাৱন্ত সীমা।
 অধমে জানিবো কেনে তোমাৰ মহিমা ।

= উক্ত বৰগীত ফাকি আমাৰ পাঠ্য পুথিত অন্তৰ্ভুক্ত শ্ৰীশ্ৰীমাধৱদেৱৰ দ্বাৰা ৰচিত বৰগীত নামৰ পাঠটোৰ পৰা লোৱা হৈছে ।

        উক্ত বৰগীত ফাকিৰ জৰিয়তে ভগৱানৰ সেই অপাৰ মহিমাৰ সেই কথা সাধাৰণ মানুহৰ বাবে অসম্ভৱ। কিয়নো যিজনক যোগসিদ্ধ পুৰুষেও তেওঁক ধ্যান কৰিও নাপাই, যিজনক নিগম শাস্ত্রই তেওঁক বিচাৰি নাপায় । সেই জনক পাবলৈ হ'লে জীৱনৰ মোহ-পাশৰ পৰা আঁতৰি আহি ভগৱানৰ চৰণ কমলৰ আশ্ৰয় লয় জীৱনৰ কষ্টৰ পৰা মুক্তিলাভ কৰিব পাৰিম।


Class 10 Assamese Chapter 2 question answer 👉

খ) আতুৰ ভৈলোহো হৰি বিষয় বিকলে। 
কৰিয়ো উদ্ধাৰ মোক চৰণ কমলে।

=  উক্ত বৰগীত ফাকি আমাৰ পাঠ্য পুথিত অন্তৰ্ভুক্ত শ্ৰীশ্ৰীমাধৱদেৱৰ দ্বাৰা ৰচিত বৰগীত নামৰ পাঠটোৰ পৰা লোৱা হৈছে ।

  উক্ত বৰগীত ফাকিৰ জৰিয়তে কবিয়ে জীৱনৰ কষ্টৰ পৰা ভগৱানৰ চৰণ কমলৰ জৰিয়তে মুক্তিলাভ কৰাৰ বাবেই ভগৱানক অনুৰোধ কৰিছে ।

মাধৱদেৱে আমাক এই বৰগীতটিৰ জৰিয়তে কৈছে যে আমি ভগৱানৰ ভক্তিৰ বলত নিজৰ জীৱনৰ লক্ষ্য আৰু সেই লক্ষ্য উপনীত হবলৈ যিবোৰ কষ্ট যিবোৰ বিকল আমি ৰক্ষা পাবলৈ আমি ভগৱানৰ সেই দুয়ো চৰণত শৰণ লৱ লাগিব। আমি এই মায়াজালৰ পৰা মুক্তিলাভ কৰিবলৈ আমি ভগৱানৰ সেই দুয়ো চৰণত শৰণ লৱ লাগিব ।


(গ) তোমাৰ চৰণ দুই মোৰ মহা ধন।
 ভকত জনেৰ নিজ তুমিসে জীৱন।


= উক্ত বৰগীত ফাকি আমাৰ পাঠ্য পুথিত অন্তৰ্ভুক্ত শ্ৰীশ্ৰীমাধৱদেৱৰ দ্বাৰা ৰচিত বৰগীত নামৰ পাঠটোৰ পৰা লোৱা হৈছে ।

           উক্ত বৰগীত ফাকিৰ জৰিয়তে কবিয়ে ভগৱানৰ সেই ভকতৰ ধন আৰু প্ৰন চৰণকমলৰ কথা খিনি কৈছে ।

ভকতৰ বাবেই হৰিয়েই হ'ল জীৱন স্বৰূপ আৰু মূলধন। আমি এই মূলধন জীৱনৰ অতিকৈ মূল্যৱান সম্পদ বুলি সাঁচি ৰাখিব লাগিব। আমি এই চৰণকমলৰ জৰিয়তেই মুক্তিলাভ কৰিব পাৰিম ।



ভাষা-বিষয়ক:

১। তলত দিয়া শব্দকেইটাৰ আধুনিক ৰূপ লিখা:

নপাবন্ত, কেনে, ভৈলোহো, তুমিসে, জনেৰ, কহয়।

=  নপাৱন্ত – নাপায়।


    কেনে – কিদৰে, কেনেকৈ।


    ভৈলোহো – হলোঁ।


    তুমিসে – তুমিয়েই, তুমিহে।


    জনেৰ – সকলৰ, জনৰ।


    কহয় – কয়।


২। ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা।

= ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ হ ল :-

  ১) ব্ৰজাৱলী ভাষা এক প্রকাৰ কৃত্রিম সাহিত্যিক ভাষা। এই ভাষাৰ জৰিয়তে শ্ৰীকৃষ্ণ লীলাৰ কথা সাধাৰণ মানুহৰ ওচৰত শুনাইছিল। 

  ২) এই সাহিত্যিক ভাষাক ব্রজবুলি, ব্রজবোল আৰু অসমীয়াত ব্ৰজাৱলী ভাষা বোলা হয় ।

  ৩) এই ভাষাৰ পশ্চিমা হিন্দীৰ অপভ্রংশ ব্রজভাষাৰ লগত ইয়াৰ কোনো সম্পর্ক নাই।

 ৪) ব্ৰজাৱলী ভাষাৰ মূল ভেটি মৈথিলী ।

 ৫) ব্ৰজাৱলী ভাষাটো এহাতে শক্তিশালী আৰু স্বৰধ্বনিৰ অধিক প্রয়োগৰ বাবে শ্ৰুতিমধুৰ। 



৫) 'সনক সনন্দ যোগী যাহাকু ধিয়ায় 
      সকল নিগমে যাক বিচাৰি নপায়।'
  — তাৎপৰ্য বিচাৰ কৰা ।

= ​উক্ত ববৰগীত ফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱ বিৰচিত ‘বৰগীত’ৰ পৰা তুলি অনা হৈছে।

​তাৎপৰ্য: উক্ত বৰগীতফাকিৰ জৰিয়তে কবিয়ে পৰমব্ৰহ্ম যি জনক যোগসিদ্ধ পুৰুষেও ধ্যান কৰিও নাপাই, যিজনক নিগম শাস্ত্রই বিচাৰি নাপাই সেই জন ভগৱান শ্ৰীকৃষ্ণৰ অপাৰ মহিমা আৰু সৰ্বব্যাপ্ত ৰূপৰ কথা প্ৰকাশ কৰিছে। আমি ভগৱান শ্ৰীকৃষ্ণক ধ্যান কৰি ভক্তি কৰি জীৱনৰ লক্ষ্য উপনীত হব পাৰিম আৰু জীৱনৰ কষ্টৰ বাসাংসাৰিক সুখ বা ভোগ-বিলাসত মগ্ন হৈ আত্মিক যন্ত্ৰণাত ভোগা আদিৰ পৰা মুক্তি লাভ কৰিব পাৰিম ।

৬) বৰগীতৰ চাৰিটা লক্ষণৰ বিষয়ে লিখা । (4 mark )

 = বৰগীত সমূহ হৈছে যিবোৰ ভক্তিমূলক গীত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত গীতসমূহ।

বৰগীতৰ চাৰিটা লক্ষণ আমি লিখিব পাৰো যেনে :-

  ১) বৰগীতৰ ভাষা ব্ৰজাৱলী ।

  ২) শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত গীতসমূহ বৰগীত বোলে ।

  ৩) বৰগীতসমূহ শাস্ত্ৰীয় ৰাগ- তালযুক্ত ।

  ৪) বৰগীতসমূহ ভক্তিমূলক গীত হয় ।



অতিৰিক্ত প্ৰশ্ন :

১) শ্ৰীশ্ৰীমাধৱদেৱ কিমানটা বৰগীত পোৱা যায়?

= ১৫৭ টা বৰগীত।

2) শ্ৰীশ্ৰীমাধৱদেৱ কিমানটা ভাৱ আৰু ভাষা লৈ ৰচনা বৰগীত আছিল?

=১৯১ টা(ন-কুৰি এঘাৰটা) ।

৩) শ্ৰীশ্ৰীমাধৱদেৱৰ আখ্যানমূলক ৰচনা সমূহৰ নাম লিখা?

= ১) ৰাজসূয় ।

    ২) কাব্য ।

    ৩) আদিকাণ্ড ৰামায়ণ ।

৪) শ্ৰীশ্ৰীমাধৱদেৱৰ তত্ত্বমূলক ৰচনা সমূহৰ নাম লিখা?

= ১) জন্মৰহস্য ।

   ২) ভক্তি-ৰত্নাৱলী ।

   ৩) নামমালিকা ।

৫) শ্ৰীশ্ৰীমাধৱদেৱৰ নাটক কেইখনৰ নাম লিখা ?

= ১) অৰ্জুন-ভঞ্জন ।

   ২) দধিমথন। 

৬) শ্ৰীশ্ৰীমাধৱদেৱৰ ঝুমুৰা কেইখনৰ নাম লিখা ?

=  ১) চোৰধৰা ।

   ২) পিম্পৰা -গুচোৱা ।

   ৩) ভূমি-লেটোৱা ।

   ৪) ভোজনবিহাৰ ।

 ৭) ৰামায়ণৰ কোনখন কাণ্ডক মাধৱদেৱে ৰচনা কৰিছিল?

 = আদিকাণ্ড ৰামায়ণ ।

চমু টোকা :

ব্ৰজাৱলী ভাষা ।

= ব্ৰজাৱলী ভাষা এক প্রকাৰ কৃত্রিম সাহিত্যিক ভাষা। শংকৰদেৱৰ সময়ত অসম, বঙ্গ আৰু উৰিষ্যাত কৃত্রিম ভাষাৰ মাধ্যমত ভগবান শ্রীকৃষ্ণৰ লীলা বিষয়ক গীত-পদৰ সৃষ্টি হৈছিল। এই সাহিত্যিক ভাষাক ব্রজবুলি, ব্রজবোল আৰু অসমীয়াত ব্ৰজাৱলী ভাষা বোলা হয়। পশ্চিমা হিন্দীৰ অপভ্রংশ ব্রজভাষাৰ লগত ইয়াৰ কোনো সম্পর্ক নাই। ব্ৰজাৱলী ভাষাৰ মূল ভেটি মৈথিলী। তাৰ লগত ভোজপুৰী, নেৱাৰী, আৰু কাষৰীয়া অঞ্চলৰ আন ভাষাৰ সংমিশ্রণেৰে ই ঠাই বিশেষে একোটা স্বতন্ত্র ৰূপ লাভ কৰে। ব্ৰজাৱলী ভাষাটো এহাতে শক্তিশালী আৰু স্বৰধ্বনিৰ অধিক প্রয়োগৰ বাবে শ্ৰুতিমধুৰ।



আশা কৰোঁ,  আমাৰ এই লিখনিয়ে তোমালোকক দশম শ্ৰেণীৰ অসমীয়া বিষয়ৰ প্ৰথম অধ্যায় বৰগীত' ৰ প্ৰশ্ন-উত্তৰসমূহ বুজাত সহায় কৰিছে। পৰীক্ষাত ভাল নম্বৰ পাবলৈ হ’লে মূল পাঠটো আৰু কবি পৰিচয়টো ভালদৰে পঢ়া অতি প্ৰয়োজন। যদি তোমালোকৰ কিবা অসুবিধা থাকে বা আন কোনো পাঠৰ উত্তৰ লাগে, তেন্তে তলত কমেন্ট কৰি জনাব পাৰা। তোমালোকৰ ২০২৬ চনৰ HSLC পৰীক্ষাৰ বাবে শুভকামনা থাকিল।

                        Thanks for visiting 

Tags:

Post a Comment

0 Comments

Post a Comment (0)
3/related/default