বন্ধু -বান্ধৱী সকল Axom Pathshala লৈ স্বাগতম আজি Class 11th Finance chapter 2 বেংকৰ অৰ্থ আৰু বিভিন্ন প্ৰকাৰ (Meaning and Different Types of Banks ) সকলো খিনি প্ৰশ্ন উত্তৰ পাব মই ইয়াত Most Important Questions খিনি দিছো । মই এই website দ্বাৰা তোমালোকক সদাযসহায় কৰিম । All The Best for Upcoming Exam
![]() |
| Class 11 Finance Chapter 2 বেংকৰ অৰ্থ আৰু বিভিন্ন প্ৰকাৰ (Meaning and Different Types of Banks ) |
Class 11 Finance Chapter 2 বেংকৰ অৰ্থ আৰু বিভিন্ন প্ৰকাৰ (Meaning and Different Types of Banks ) AHSEC 2026 Assamese Medium|Important Questions |Short Questions |
অতি চমু প্রশ্ন: (1 Marks )
১। আঞ্চলিক গ্রাম্য বেংক কোন চনত স্থাপন কৰা হৈছিল?
= 1975 চনতৰ 2 অক্টোবৰত।
২। আঞ্চলিক গ্রাম্য বেংকৰ এটা উদাহৰণ দিয়া।
= অসম গ্ৰামীণ বিকাশ বেংক ।
৩। ভাৰতবর্ষৰ প্রথম উন্নয়নী বেংকটোৰ নাম কি?
= ভাৰতীয় উদ্যোগীক বিত্ত নিগম (IFCI) ।
৪। খিলঞ্জীয়া বেংক কি?
= খিলঞ্জীয়া বেংক হৈছে এনে ব্যক্তি বা প্রতিষ্ঠান যিয়ে বিভিন্ন মানুহক টকা-পইছা ধাৰলৈ দিয়ে আৰু লগতে টকা-পইছা জমা লোৱা হুণ্ডিৰ লেনদেন কৰা আদি কাৰ্য কৰে ।
৫। EXIM বেংকৰ সম্পূর্ণ নাম লিখা।
= Export Import Bank ।
৬। উন্নয়নী বেংকৰ এটা উদাহৰণ দিয়া।
= ভাৰতীয় উদ্যোগীক বিশাক বেংক।
৭। IFCI কোন চনত স্থাপন হৈছিল।
= 1948 চনত স্থাপন হৈছিল।
৮। বৈদেশিক বেংক বুলিলে কি বুজা।
= যিবোৰ বেংকে বৈদেশিক মুদ্ৰাক দেশীয় মুদ্ৰা লৈ ৰূপান্তৰিত কৰে আৰু যিবোৰ বেংকে বৈদেশিক মুদ্ৰাৰ লগত লেনদেন কৰে তাকে বৈদেশিক বেংক বুলি কোৱা হয়।
৯। কেন্দ্রীয় বেংক বুলিলে কি বুজা?
= কেন্দ্ৰীয় বেংক হৈছে যিখন বেংকে দেশ সমূহৰ বেংক ব্যৱস্থাত, পৰিচালনা , নিয়ন্ত্ৰণ কৰা নুট প্ৰৱৰ্তন কৰা বেংকৰ বেংক হিচাপে কাম কৰা আৰু চৰকাৰৰ বেংক হিচাপে কাম কৰা আদি কাৰ্য সম্পাদন কৰে ।
১০। কৃষি বেংক বুলিলে কি বুজা।
= কৃষি বেংকৰ হ'ল এনে এক বেংক যিয়ে কৃষক সকলক আৰু গ্ৰাম্য অঞ্চলৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায় সকলক হ্ৰস্বকালীন পুঁজিৰ যোগান ধৰে ।
(খ) চমু উত্তৰৰ প্ৰশ্নঃ (2 Marks)
Also Read HS 1st year Finance chapter 1
১। বিনিময় বেংক বুলিলে কি বুজা লিখা।
= বিনিময় বা বৈদেশিক বুলিলে বৈদেশিক মুদ্ৰাক দেশীয় মুদ্ৰা লৈ ৰূপান্তৰিত দেশীয় মুদ্ৰা বৈদেশিক মুদ্ৰা লৈ ৰূপান্তৰিত কৰে আৰু যিবোৰ বেংকে বৈদেশিক মুদ্ৰাৰ লগত লেনদেন কৰে তাকে বৈদেশিক বেংক বুলি কোৱা হয়। এই বেংকে আমদানি ৰপ্তানি কৰা সহায় কৰে ।
২। বিনিয়োগ বেংকৰ সংজ্ঞা লিখা।
= যিবোৰ বেংকে বৈদেশিক বিনিময়ৰ লেনদেন কৰে বা কার্য সম্পাদন কৰে। সেইকাৰণে বিনিময় বেংকসমূহক বৈদেশিক বিনিময় বেংক বুলিও কোৱা হয়।
৩। সঞ্চয়ী বেংক কি?
= সঞ্চয়ী বেংক এক প্রকাৰৰ বেংক নহয় ই এক বেংকিং ব্যৱস্থা য'ত কম উপাৰ্জন জনসাধাৰণ আৰু দুৰ্বল শ্ৰেণীৰ লোকৰ মাজত সঞ্চয়ৰ অভ্যাস আৰু মনোবৃত্তিৰ বৃদ্ধি কৰাত সহায় কৰে । এই বেংকিং ব্যৱস্থাই জনসাধাৰণৰ পৰা আমানত গ্রহণ কৰা, ঋণ প্রদান কৰা আদি কাৰ্য সম্পাদন কৰে ।
৪। আঞ্চলিক গ্রাম্য বেংকৰ দুটা কাৰ্য লিখা।
= ১। এই বেংকসমূহে গ্রাম্য অঞ্চলৰ ক্ষুদ্র কৃষক, খেতিয়ক, ক্ষুদ্র কুটিৰ শিল্পী, কৃষি শ্রমিক, ক্ষুদ্র উদ্যোগী, ব্যৱসায়ীক সকলক ঋণ প্রদান কৰি সহায় কৰে।
২। বাণিজ্যিক বেংক আৰু সমবায় বেংকৰ ঋণৰ সুন্দৰ হাৰৰ তুলনাত আঞ্চলিক গ্রাম্য বেংকৰ সুদৰ হাৰ কম।
৫। খিলঞ্জীয়া বেংকৰ দুটা কুফল লিখা।
= খিলঞ্জীয়া বেংকৰ দুটা কুফল বা অসুবিধা হ'ল :-
১) এই বেংকে বাণিজ্যিক বেংকৰ তুলনাত বেছি কৈ সুদ গ্ৰহণ কৰে ঋণৰ বিপৰীত।
২) এই বেংকত গ্ৰহকৰ হিচাপ সমূহ গোপনীয়া ভাৱে ৰখা হয়।
৬। বাণিজ্যিক বেংক বুলিলে কি বুজা?
= যিবোৰ বেংক RBI আইনৰ মতে পৰিচালিত হয় আৰু যিয়ে জনসাধাৰণৰ পৰা আমানত গ্রহণ কৰা , ঋণ প্রদান কৰা , গ্ৰহকৰ আমানত দাবীৰ মাত্ৰ কে ঘোৰাই দিয়া বেংক বোৰক বাণিজ্যিক বেংক বোলে ।বাণিজ্যিক বেংক দুই প্ৰকাৰৰ যেনে :-
• তালিকাভুক্ত বেংক
• অ-তালিকাভুক্ত বেংক
৭। কেন্দ্ৰীয় বেংকৰ সংজ্ঞা লিখা।
= যি বেংক দেশৰ বেংক ব্যৱস্থাৰ শীর্ষতম প্রতিষ্ঠান হিচাপে কাম কৰে , যিয়ে বেংকৰ বেংক হিচাপে কাম কৰে , দেশৰ মুদ্ৰা ব্যৱস্থা নিয়ন্ত্ৰণ কৰে যিয়ে নুট প্ৰৱৰ্তন কৰে তাকে কেন্দ্ৰীয় বেংক বোলে ।
৮। উন্নয়নী বেংকৰ বিষয়ে চমুকৈ লিখা।
= উন্নয়নী বেংক হ’ল এনে এক গুৰুত্বপূর্ণ বিত্তীয় প্ৰতিষ্ঠান, যিয়ে দেশৰ অৰ্থনৈতিক উন্নয়নৰ বাবে উদ্যোগ, কৃষি আৰু অন্যান্য প্ৰতিষ্ঠান সমূহলৈ দীৰ্ঘকালীন পুঁজি বা ঋণৰ যোগান ধৰে। এই বেংকবোৰে কেৱল ঋণ প্ৰদান কৰাই নহয়, লগতে নতুন প্ৰকল্প স্থাপন আৰু আধুনিকীকৰণৰ বাবে কাৰিকৰী পৰামৰ্শও আগবঢ়ায়। ইয়াৰ এটা উদাহৰণ বেংক হ’ল ভাৰতীয় উদ্যোগীক বিশাক বেংক।
৯। দুই প্ৰকাৰৰ বাণিজ্যিক বেংকৰ নাম লিখা।
= ১) তালিকাভুক্ত বেংক।
২) অ- তালিকাভুক্ত বেংক।
১০। কেন্দ্ৰীয় বেংকৰ দুটা কাৰ্য উল্লেখ কৰা।
= কেন্দ্ৰীয় বেংকৰ দুটা কাৰ্য হ'ল:-
১) দেশৰ বাণ্যিজিক বেংক সমূহৰ কাৰ্য সমূহ নিয়ন্ত্ৰণ কৰা ।
২) দেশৰ নোট ৰ্প্ৰৱতক হিচাপে কাৰ্য সম্পাদন কৰে ।
গ) চমু উত্তৰৰ প্ৰশ্ন: (3 marks )
১। আমদানি-ৰূপ্তানি বেংক বুলিলে কি বুজা?
= আন্তৰ্জাতিক বাণিজ্যত বিত্তীয় সহায় আগবঢ়াবলৈ ১৯৮২ চনত ভাৰতত EXIM বেংক স্থাপন কৰা হয়।ইয়াৰ মূখ্য উদ্দেশ্য হৈছে ৰপ্তানিকাৰীসকলক ঋণ দিয়া, বৈদেশিক বাণিজ্যৰ বাবে বিত্তীয় তথ্য যোগান ধৰা আৰু দেশৰ বৈদেশিক বাণিজ্য সম্প্ৰসাৰণ কৰা।
২। উন্নয়নী বেংকৰ তিনিটা কার্য উল্লেখ কৰা।
= উন্নয়নী বেংকৰ তিনিটা কার্য হ'ল:-
১) দেশ এখনৰ অর্থনৈতিক উন্নয়নৰ বাবে কাৰ্য সম্পাদন কৰা।
২) ব্যৱসায় প্ৰতিষ্ঠানৰ লৈ দীৰ্ঘকালীন পুঁজিৰ যোগান ধৰা।
৩) দেশৰ বিভিন্ন ধৰণৰ উন্নয়নমূলক প্ৰকল্পসমূহত বিত্তৰ যোগান ধৰা ।
৩। বিনিময় বেংকৰ সংজ্ঞা ব্যাখ্যা কৰা।
= বিনিময় বেংক বা বৈদেশিক বিনিময় বেংক হৈছে এনে এক বিত্তীয় প্ৰতিষ্ঠান যিয়ে বৈদেশিক মুদ্ৰাৰ লেনদেন কৰে। এই বেংকে দেশীয় মুদ্ৰাক বৈদেশিক মুদ্ৰালৈ ৰূপান্তৰ কৰাত সহায় আৰু বৈদেশিক মুদ্ৰা দেশীয় মুদ্ৰা লৈ ৰূপান্তৰিত কৰে। এই বেংকৰ বাবে আমদানি ৰপ্তানি কৰাত সহায় কৰে ।
৪। খুচুৰা বেংকিংৰ বিষয়ে চমুকৈ লিখা।
= খুচুৰা বেংকিং বুলিলে সেই বেংকিং সেৱাক বুজায় য'ত বেংকে পোনপটীয়াকৈ ব্যক্তিগত গ্ৰাহকক সেৱা আগবঢ়ায়। ইযাৰ সেৱাসমূহ হৈছে সঞ্চয়ী জমা, ব্যক্তিগত ঋণ (Home loan, Car loan), ডেবিট/ক্ৰেডিট কাৰ্ড আদি ইয়াৰ অন্তৰ্ভুক্ত।
৫। খিলঞ্জীয়া বেংকৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা।
= খিলঞ্জীয়া বেংকৰ তিনিটা বৈশিষ্ট্য হৈছে :-
১) এই বেংকে বাণিজ্যিক বেংকৰ তুলনাত বেছি কৈ সুদ গ্ৰহণ কৰে ঋণৰ বিপৰীত।
২) এই বেংকৰ মূল কাৰ্য হ'ল হুণ্ডিৰ লেনদেন কৰি আভ্যন্তৰীণ বাণিজ্যিত বিত্তৰ যোগান ধৰা ।
৩) এই বেংকত গ্ৰহকৰ হিচাপ সমূহ গোপনীয়া ভাৱে ৰখা হয়।
৬। ভূমি উন্নয়নী বেংকৰ বিষয়ে চমুকৈ লিখা।
= ভাৰতবর্ষৰ প্রায় ৭০ শতাংশ লোকেই কৃষিৰ ওপৰত নির্ভৰ কৰে, কাৰণ ভাৰতবর্ষ এখন কৃষিপ্রধান দেশ। সাধাৰণতে কৃষিখণ্ডত সকলো ধৰণৰ উন্নয়ন সাধনৰ বাবে হ্রস্বকালীন, মধ্যকালীন আৰু দীর্ঘকালীন ঋণৰ প্রয়োজন হয়। কৃষকৰ মাটিৰ স্থায়ী উন্নয়ন, পানী যোগান তথা জলসিঞ্চন, কৃষিকার্যত ব্যৱহাত বিভিন্ন সামগ্রী ক্রয় আদিৰ বাবে খেতিয়কসকন্যক দীর্ঘকালীন ঋণৰ প্রয়োজন হয়। বাণিজ্যিক বেংক আৰু সমবায় বেংকসমূহে সাধাৰণতে হ্রস্বকালীন ঋণ যোগান প্রদান কৰে । কৃষিখণ্ডত দীর্ঘকালীন ঋণ প্ৰদানৰ উদ্দেশ্যে প্রথম অৱস্থাত ১৯২০ চনত পঞ্জাবত মাটি বন্ধকী বেংক স্থাপন কৰিছিল। ইয়াৰ পিছতে ১৯২৫ চনত মাদ্রাজত আৰু ১৯২৯ চনত মুম্বাইত মাটি বন্ধকী বেংক স্থাপন কৰিছিল আৰু ক্রমান্বয়ে দেশৰ বিভিন্ন অঞ্চলত এই বেংক স্থাপন কৰা হয়। সেয়েহে ভূমি উন্নয়ন বেংক প্রথম অৱস্থাত মাটি বন্ধকী বেংক বুলি কোৱা হৈছিল। দেশৰ কৃষিখণ্ডক বিভিন্ন দিশত উন্নত কৰাৰ উদ্দেশ্যেই এই বেংকে কৃষক সকলক দীর্ঘকালীন ঋণৰ যোগান ধৰি আহিছে। ইয়াৰ উপৰিও গ্রাম্য অঞ্চলৰ কৃষকক মহাজন আৰু ব্যক্তিগত ঋণদাতাসকলৰ কবলৰ পৰা সকাহ দিয়াৰ উদ্দেশ্যেও এই বেংক প্রতিষ্ঠা কৰা এটা কাৰণ।
ভূমি উন্নয়ন বেংকৰ গঠন দুই ধৰণৰ :-
(১) কেন্দ্রীয় ভূমি উন্নয়ন বেংক (Central Land Development Bank)
(২) প্রাথমিক ভূমি উন্নয়ন বেংক (Primary Land Development Bank)
ভূমি উন্নয়নী বেংকৰ মূলধনৰ প্রধান উৎস হ'ল নিজস্ব পুঁজি, দীর্ঘকালীন আমানত সংগ্রহ আৰু ঋণ সংগ্রহ।
৭। আমদানি-ৰূপ্তানি বেংকৰ তিনিটা উদ্দেশ্য লিখা।
= আমদানি-ৰূপ্তানি বেংকৰ তিনিটা উদ্দেশ্য হ'ল:-
১) মূলধনী সামগ্ৰী ৰপ্তানিৰ ক্ষেত্ৰত গুৰুত্বাৰোপ কৰা ।
২) বৈদেশিক বিনিময়ৰ লেনদেন কৰে ।
৩) আন্তৰ্জাতিক সাগৰীয়া বেংকিং সেৱা আগবঢ়াই।
৮। ভূমি উন্নয়নী বেংকৰ তিনিটা উদ্দেশ্য লিখা।
= ভূমি উন্নয়নী বেংকৰ তিনিটা উদ্দেশ্য হৈছে :-
১) খেতিয়ক সকলক দীৰ্ঘকালীন পুঁজিৰ প্ৰদান কৰা ।
২) জনসাধাৰণৰ মাজত সঞ্চয়ৰ মনোবৃত্তি বৃদ্ধি কৰা ।
৩) কৃষিকাৰ্য্যৰ উদ্দেশ্য খেতিয়ক সকলৰ মাটিৰ উন্নতকৰণৰ আৰু ৰ্ফাম প্ৰতিষ্ঠা কৰাত সহায় কৰা ।
(ঘ) দীঘল উত্তৰৰ প্ৰশ্ন: (5 Marks )
১। বাণিজ্যিক বেংক আৰু সমবায় বেংকৰ মাজত পাঁচটা পার্থক্য লিখা।
= ১। বাণিজ্যিক বেংকৰ মুখ্য উদ্দেশ্য হ'ল বিভিন্ন অঞ্চলত বেংকৰ শাখা সম্প্ৰসাৰণ কৰি বেহা-বেপাৰ, বাণিজ্য, উদ্যোগ, কৃষি, ক্ষুদ্র ব্যবসায় আদিবোৰ খণ্ডত ঋণ প্রদান কৰা। আনহাতে,সমবায় বেংকৰ মুখ্য উদ্দেশ্য হ'ল গ্রাম্য অঞ্চলৰ দৰিদ্ৰ আৰু দুৰ্বল শ্ৰেণীৰ লোকক বিত্তৰ যোগান ধৰি জনতাৰ আৰ্থ-সামাজিক দিশত উন্নত কৰা।
২। দেশৰ বাণিজ্যিক বেংকসমূহক তালিকাভুক্ত আৰু তালিকাভুক্ত নোহোৱা বেংক এই দুটা ভাগত বিভক্ত কৰা হৈছে।আনহাতে দেশৰ সমবায় বেংকসমূহক কৃষিঋণ অনুষ্ঠান আৰু অনা-কৃষিঋণ অনুষ্ঠান হিচাবে দুটা ভাগত আগ কৰা হৈছে।
৩। দেশৰ সাধাৰণ বেংকিং আইনৰ আধাৰত বাণিজ্যিক বেংকসমূহ গঠন আৰু পৰিচালনা কৰা হয়।আনহাতে দেশৰ সমবায় আইনৰ আধাৰত সমবায় বেংকসমূহ গঠন আৰু পৰিচালনা কৰা হয়।
৪। বাণিজ্যিক বেংকসমূহে সাধাৰণতে হ্রস্বকালীন ঋণ প্রদান কৰে। আনহাতে,সমবায় বেংকে দীর্ঘকালীন ঋণ প্রদান কৰে।
৫। বানিজ্যিক বেংক নিম্নতম ৭ জন ব্যক্তি লগ হৈ ৰাজহুৱা কোম্পানীৰ ভিত্তিত গঠন কৰিব পৰে । আনহাতে ,সমবায় বেংক গঠন কৰিবলৈ নিম্নতম ১০ জন ব্যক্তি তথা সদস্য থাকিব লাগিব।
২। বিভিন্ন প্ৰকাৰৰ বেংকৰ বিষয়ে চমুকৈ লিখা।
= বিভিন্ন প্ৰকাৰৰ বেংক সমূহ :-
১) কেন্দ্ৰীয় বেংক: ই দেশৰ বেংক ব্যৱস্থাৰ শীৰ্ষতম প্ৰতিষ্ঠান। ইয়াৰ মূল কাম হ’ল নোট প্ৰৱৰ্তন কৰা, ঋণ নিয়ন্ত্ৰণ কৰা আৰু চৰকাৰৰ বেংক হিচাপে কাম কৰা। ভাৰতৰ কেন্দ্ৰীয় বেংক হ’ল Reserve Bank of India (RBI)।
২) বাণিজ্যিক বেংক: যিবোৰ বেংকে লাভ অৰ্জনৰ উদ্দেশ্যে জনসাধাৰণৰ পৰা জমা গ্ৰহণ কৰে আৰু ঋণ প্ৰদান কৰে, তাকে বাণিজ্যিক বেংক বোলে। উদাহৰণ স্বৰূপ: SBI, PNB।
বাণিজ্যিক বেংক দুই প্ৰকাৰৰ—
• তালিকাভুক্ত বেংক (Scheduled) ।
• অ-তালিকাভুক্ত (Non-scheduled) বেংক।
৩) সমবায় বেংক :-
সমবায় বেংকসমূহ সমবায় আইনৰ অধীনত গঠিত । সমবায় বেংক সাধাৰণতে তিনি প্ৰকাৰৰ যেনে :
• ৰাজ্যিক সমবায় বেংক: ৰাজ্যিক পৰ্যায়ৰ শীৰ্ষ বেংক।
• কেন্দ্ৰীয় সমবায় বেংক: জিলা পৰ্যায়ত কাম কৰে।
• প্ৰাথমিক সমবায় বেংক: গাঁও বা নিৰ্দিষ্ট এলেকাৰ লোকসকলক হ্ৰস্বকালীন ঋণ দিয়ে।
৪. বিশেষায়িত বেংকসমূহ (Specialized Banks)
দেশৰ উন্নয়ন আৰু ব্যৱসায়িক কামত ব্যৱহাৰ হোৱা কিছুমান গুৰুত্বপূৰ্ণ বেংক হ’ল:
• উন্নয়নী বেংক (Development Bank): যিবোৰ বেংকে দেশৰ উদ্যোগ আৰু বিভিন্ন উন্নয়নমূলক প্ৰকল্পত দীৰ্ঘকালীন পুঁজিৰ যোগান ধৰে।
উদাহৰণস্বৰুপে : IFCI (স্থাপিত: ১৯৪৮), IDBI।
•আঞ্চলিক গ্রাম্য বেংক (RRB): ১৯৭৫ চনৰ ২ অক্টোবৰত স্থাপন কৰা হৈছিল। ইয়াৰ মূল উদ্দেশ্য হ’ল গ্ৰাম্য দৰিদ্ৰ কৃষক আৰু কাৰিকৰক কম সুদত ঋণ প্ৰদান কৰা ।
উদাহৰণস্বৰুপে: অসম গ্ৰামীণ বিকাশ বেংক।
• বিনিময় বা বৈদেশিক বেংক: যিবোৰ বেংকে বৈদেশিক মুদ্ৰাৰ লেনদেন কৰে আৰু আমদানি-ৰপ্তানি বাণিজ্যত সহায় কৰে।
• ভূমি উন্নয়নী বেংক: কৃষকসকলক ভূমি উন্নয়ন বা কৃষি যন্ত্ৰপাতি ক্ৰয়ৰ বাবে দীৰ্ঘকালীন ঋণ প্ৰদান কৰা বেংক।
•EXIM Bank (Export-Import Bank): আন্তৰ্জাতিক বাণিজ্যৰ বাবে বিত্তীয় সাহাৰ্য্য আগবঢ়োৱা এক প্ৰতিষ্ঠান।
৫. খিলঞ্জীয়া বেংক
খিলঞ্জীয়া বেংক হৈছে এনে কিছুমান ব্যক্তি বা প্ৰতিষ্ঠান যিয়ে পুৰণি প্ৰথাৰে টকা ধাৰলৈ দিয়ে।
বৈশিষ্ট্য: ই গোপনীয়তা ৰক্ষা কৰে আৰু হুণ্ডিৰ লেনদেন কৰে।
কুফল: বাণিজ্যিক বেংকৰ তুলনাত সুদৰ হাৰ বহুত বেছি হয়, যাৰ ফলত গ্ৰাহক ঋণৰ বোজাত পোত যায়।
৬. আধুনিক বেংকিং :-
• সঞ্চয়ী বেংক (Savings Bank): যিবোৰ বেংকে বিশেষকৈ কম আয়ৰ লোকসকলৰ মাজত সঞ্চয়ৰ অভ্যাস গঢ়ি তুলিবলৈ আমানত গ্ৰহণ কৰে।
• খুচুৰা বেংকিং (Retail Banking): যেতিয়া এটা বেংকে পোনপটীয়াকৈ ব্যক্তিগত গ্ৰাহকক সেৱা (যেনে- হোম লোন, কাৰ লোন, ডেবিট কার্ড) আগবঢ়ায়, তাক খুচুৰা বেংকিং বোলে।
৭. আন্তৰ্জাতিক মুদ্ৰানিধি (IMF)
ইয়াৰ মূল লক্ষ্য হ’ল সদস্য ৰাষ্ট্ৰসমূহৰ মাজত মুদ্ৰা সহযোগিতা বৃদ্ধি কৰা আৰু বৈদেশিক লেনদেনৰ ভাৰসাম্যতা ৰক্ষা কৰা।
৩। আঞ্চলিক গ্রাম্য বেংকৰ বৈশিষ্ট্য লিখা।
= আঞ্চলিক গ্রাম্য বেংকৰ বৈশিষ্ট্য সমূহ হ'ল:-
১। এই বেংকসমূহে গ্রাম্য অঞ্চলৰ ক্ষুদ্র কৃষক, খেতিয়ক, ক্ষুদ্র কুটিৰ শিল্পী, কৃষি শ্রমিক, ক্ষুদ্র উদ্যোগী, ব্যৱসায়ীক সকলক ঋণ প্রদান কৰি সহায় কৰে।
২। বাণিজ্যিক বেংক আৰু সমবায় বেংকৰ ঋণৰ সুন্দৰ হাৰৰ তুলনাত আঞ্চলিক গ্রাম্য বেংকৰ সুদৰ হাৰ কম।
৩। ভাৰতীয় ৰিজাৰ্ভ বেংক আইন ১৯৩৪ ৰ দ্বিতীয় অনুসূচিত অন্তর্ভুক্ত হোৱা বাবে এই বেংকে অন্যান্য অনুসূচীত বেংংৰ দৰে ৰিজার্ভ বেংকৰ পৰা সাহায্য লাভ কৰে।
৪।বাণিজ্যিক বেংকৰ দৰে এই বেংকবোৰ সংগঠিত যদিও এই বেংকবোৰ প্রধানত গ্রাম্যমুখী।
৫। প্রত্যেকটো আঞ্চলিক গ্রাম্য বেংক একো একোটা ৰাষ্ট্ৰীয়কৃত বাণিজ্যিক বেংকৰ পৃষ্ঠপোষকতাত স্থাপন কৰা হয়।
৬। আঞ্চলিক গ্রাম্য বেংকে অন্যান্য বাণিজ্যিক বেংকৰ দৰে আমানত গ্রহণ কৰে আৰু ঋণদান কার্য কৰে।
৭। গ্রাম্য অঞ্চলৰ দুখীয়া লোকসকলক গ্রাম্য মহাজনৰ কবলৰ পৰা মুক্ত কৰাটো প্রধান বৈশিষ্ট্য।
৮। দেশৰ অগ্রাধিকাৰ খণ্ডত পর্যাপ্ত পৰিমাণৰ কণৰ যোগান ধৰাতো আঞ্চলিক গ্রাম্য বেংকৰ আন এক বৈশিষ্ট্য।
৪। কেন্দ্রীয় বেংক আৰু বাণিজ্যিক বেংকৰ মাজত পাঁচটা পার্থক্য লিখা।
= কেন্দ্রীয় বেংক আৰু বাণিজ্যিক বেংকৰ মাজত পাঁচটা পার্থক্য হ'ল:-
১। দেশৰ বেংক ব্যৱস্থাৰ শীর্ষতম প্রতিষ্ঠান হ'ল কেন্দ্রীয় বেংক। আনহাতে, বাণিজ্যিক বেংকসমূহ হ'ল দেশৰ বেংক ব্যৱস্থাৰ অতি আৱশ্যকীয় গোট।
২। দেশৰ অর্থব্যৱস্থা উপযুক্তভাবে পৰিচালনা কৰা আৰু বেংক ব্যবস্থাৰ উন্নয়ন সাধন কৰাই কেন্দ্রীয় বেংকৰ উদ্দেশ্য। লাভ অর্জন কেন্দ্রীয় বেংকৰ উদ্দেশ্য নহয়। আনহাতে, জনসাধাৰণৰ পৰা আমানত গ্রহণ কৰি আৰু প্রয়োজনত গ্রাহকক ঋণ প্রদান, ব্যবসায়-বাণিজ্যত, কৃষিখণ্ডত ঋণ প্রদান কৰি লাভউপার্জন কৰাই বাণিজ্যিক বেংকৰ উদ্দেশ্য।
৩। কেন্দ্রীয় বেংকে প্রত্যক্ষভাবে জনসাধাৰণৰ লগত লেনদেন নকৰে। আনহাতে , বাণিজ্যিক বেংকসমূহে প্রত্যক্ষভাৱে জনসাধাৰণৰ লগত লেনদেন কৰে।
৪। কেন্দ্রীয় বেংকৰ নোট ছপোৱাৰ একচেটীয়া অধিকাৰ আছে। আনহাতে , বাণিজ্যিক বেংকৰ নোট ছপোৱাৰ অধিকাৰ নাই।
৫। কেন্দ্রীয় বেংকে অন্যান্য বেংকৰ বেংক হিচাবে কাম কৰে আৰু সেইবোৰ বেংকৰ পৰা আমানত গ্রহণ কৰে। আনহাতে, বাণিজ্যিক বেংকসমূহে সাধাৰণ জনসাধাৰণৰ পৰা আমানত গ্রহণ কৰে।
চমুটোকা লিখাঃ (3/5 Marks )
(ক) তালিকাভুক্ত বেংক (2 mark )
= যিবোৰ বেংক RBI BANKING ACT ,1949 আইনৰ মতে পৰিচালিত আৰু অন্তৰ্ভুক্ত হৈছে তাকে তালিকাভুক্ত বেংক বুলি কয়। আৰু এই তালিকাভুক্ত বা অনুসূচিত বেংকবোৰৰ আদায়ী মূলধন আৰু সংৰক্ষিত পুঁজিৰ (Paid up Capital and Reserve) পৰিমাণ ৫ লাখ টকাতকৈ কম হ'ব নোৱাৰে।তালিকাভুক্ত বাণিজ্যিক বেংকসমূহৰ ভিতৰত কিছুমান ৰাজহুৱা খণ্ডৰ বেংক (Public Sector Bank) আৰু কিছুমান ব্যক্তিগত খণ্ডৰ বেংক (Private Sector Bank) আছে।
(খ) তালিকাভুক্ত নোহোৱা বেংক (2 mark )
= তালিকাভুক্ত নোহোৱা বেংক হৈছে বাণিজ্যিক বেংকৰ এটা ভাগ । এই ধৰণৰ বেংক সমূহ হৈছে যিবোৰ বেংক ভাৰতীয় বিজ্ঞার্ড বোক আইন, ১৯৪৯ ২ দ্বিতীয় অনুসূচিত অন্তর্ভুক্ত নহয় । এনেবোৰ বেংকৰ আদায়ী মূলধন আৰু সংৰক্ষিত পুঁদ্ধি অনা-অনুসুচিত বা অ-তালিকাভুক্ত বেংক বুলি কোৱা হয়। ৫ লাখ টকাৰ কম ।
২। চাৰিটা ভাৰতীয় উন্নয়নী বেংকৰ নাম লিখা। উন্নয়নী বেংকৰ মুখ্য কার্যাৱলী উল্লেখ কৰা ।
= কিছুমান ভাৰতীয় উন্নয়নী বেংকৰ নাম হ'ল:-
• ভাৰতীয় উদ্যোগীক বিশাক বেংক
• ভাৰতীয় উদ্যোগীক বিত্ত নিগম
• ভাৰতীয় উদ্যোগীক ঋণ আৰু বিনিয়োগ নিগম
উন্নয়নী বেংকৰ মুখ্য কার্যাৱলী তলত উল্লেখ কৰা হ'ল:-
১। উন্নয়নী বেংক এক প্রকাৰৰ বিশেষীকৃত বিত্তীয় প্রতিষ্ঠান হিচাবে মধ্যকালীন আৰু দীর্ঘকালীন বিত্তৰ যোগম ধবে।
২। এখন দেশৰ অর্থনৈতিক উন্নয়নৰ বাবে বিভিন্ন ধৰণৰ উন্নয়নমূলক কার্যৰ সম্পাদন কৰে।
৩। দেশৰ বিভিন্ন ধৰণৰ উন্নয়নমূলক প্রকল্পসমূহক প্রত্যক্ষ আৰু পৰোক্ষভাবে বিত্তৰ যোগান ধৰে।
৪। বাণিজ্যিক বেংকৰ দৰে কিছুমান কার্য কৰে যদিও উন্নয়নী বেংকসমূহে জনসাধাৰণৰ পৰা আমানত গ্রহণ নকবে।
৫। বিভিন্ন বেংকিং কার্যকলাপৰ উপৰিও এই বেংকে প্রৱর্তন আৰু উন্নয়নমূলক কার্যও সম্পাদন কৰে।
৩। বিভিন্ন ধৰণৰ সমবায় বেংক কি কি? সমবায় বেংকৰ কাৰ্যাৱলী লিখা।
= বিভিন্ন ধৰণৰ সমবায় বেংক হ'ল:-
১)কেন্দ্ৰীয় সমবায় বেংক।
২) ৰাজ্যিক সমবায় বেংক।
৩) প্ৰাথমিক সমবায় বেংক।
ক) কেন্দ্ৰীয় সমবায় বেংক (Central Cooperative Bank)
কেন্দ্ৰীয় সমবায় বেংকসমূহে জিলা পৰ্যায়ত কাম কৰে। ইহঁতক ৰাজ্যিক সমবায় বেংক আৰু প্ৰাথমিক কৃষি ঋণদান সমিতিৰ মাজৰ 'যোগসূত্ৰ' হিচাপে গণ্য কৰা হয়।
অৱস্থান: সাধাৰণতে জিলাৰ সদৰ ঠাইত স্থাপন কৰা হয়।
পুঁজিৰ উৎস: সংৰক্ষিত পুঁজি, সদস্য মাচুল, অংশ মূলধন (Share Capital) আৰু জনসাধাৰণৰ আমানত। প্ৰয়োজন সাপেক্ষে ইহঁতে RBI, ৰাজ্যিক সমবায় বেংক বা বাণিজ্যিক বেংকৰ পৰাও ঋণ লয়।
মুখ্য উদ্দেশ্য: প্ৰাথমিক সমবায় সমিতিবোৰৰ আমানত গ্ৰহণ কৰা আৰু তেওঁলোকক ঋণ প্ৰদান কৰা। লগতে অন্যান্য বাণিজ্যিক বেংকৰ দৰে গ্ৰাহকক সেৱা আগবঢ়োৱা।
(খ) ৰাজ্যিক সমবায় বেংক (State Cooperative Bank)
ৰাজ্যিক সমবায় বেংক হ’ল সমবায় গাঁথনিৰ শীৰ্ষতম (Apex) অনুষ্ঠান। প্ৰতিখন ৰাজ্যতে এনে একোটা বেংক থাকে।
ইয়াৰ মুখ্য সদস্য হ'ল কেন্দ্ৰীয় সমবায় বেংক, বিভিন্ন সমবায় সমিতি আৰু সাধাৰণ লোকেও ইয়াৰ সদস্য হ’ব পাৰে।
পুঁজিৰ উৎস: অংশপত্ৰ বিলিকৰণ, সদস্যৰ মাচুল, জনসাধাৰণৰ আমানত আৰু NABARD, চৰকাৰ বা RBI-ৰ পৰা লোৱা ঋণ।
মুখ্য উদ্দেশ্য: কেন্দ্ৰীয় সমবায় বেংকসমূহৰ কাম-কাজৰ সমন্বয় ৰক্ষা কৰা আৰু তেওঁলোকক নিৰীক্ষণ কৰা। এই বেংকে দেশৰ মুদ্ৰা বজাৰত অংশগ্ৰহণ কৰাৰ লগতে পুঁজিৰ স্থানান্তৰ কৰে।
(গ) প্ৰাথমিক সমবায় বেংক (Primary Cooperative Bank)
এই সমবায় বেংকিং ব্যৱস্থাৰ তৃণমূল পৰ্যায়ৰ প্ৰতিষ্ঠান, যিয়ে পোনপটীয়াকৈ সাধাৰণ ৰাইজ বা কৃষকৰ সৈতে যোগাযোগ কৰে।
অৱস্থান: এটা নিৰ্দিষ্ট এলেকা বা অঞ্চলৰ লোকসকলৰ মাজত এই বেংক স্থাপন কৰা হয়।
পুঁজিৰ উৎস: অংশ মূলধন (Share Capital), সদস্যসকলৰ জমা ধন আৰু কেন্দ্ৰীয় সমবায় বেংকৰ পৰা লোৱা ঋণ।
মুখ্য কার্য : সদস্যসকলক তেওঁলোকৰ প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰিবলৈ বা খেতি-বাতিৰ কামৰ বাবে হ্ৰস্বকালীন ঋণ প্ৰদান কৰা।
৪। আন্তর্জাতিক মুদ্রানিধিৰ উদ্দেশ্য আৰু কার্যাৱলী লিখা।
= আন্তর্জাতিক মুদ্রানিধিৰ কাৰ্যাাৱলী সমূহ হেছে :-
(ক) সদস্য ৰাষ্ট্ৰসমূহত উৎপাদনক্ষম উদ্দেশ্যে বিনিয়োগৰ সুবিধা আগবঢ়াই অর্থনীতি পুনৰ গঠন আৰু ই সাধন কৰিবলৈ সহায় আগবঢ়োৱা।
(খ) উন্নয়নশীল দেশবোৰলৈ বিনিয়োগৰ বাবে মূলধনৰ যোগান ধৰি উৎপাদনক্ষম সম্পদৰ উদ্ঘাটনৰ বাবে উৎসাহিত কৰা।
(গ) ব্যক্তিগত বিনিয়োগকাৰীসকলক ঋণ আৰু নিশ্চয়তা প্রদান কৰি বৈদেশিক বিনিয়োগত উৎসাহিত কৰা।
(ঘ) সদস্য ৰাষ্ট্ৰসমূহৰ উৎপাদন বৃদ্ধি আৰু জীবন-ধাৰণৰ মানদণ্ড উন্নত কৰা।
(ঙ) সদস্য ৰাষ্ট্ৰসমূহৰ মাজত পৰিশোধৰ ভাৰসাম্যতা ৰক্ষা কৰা। আদি ।
আন্তর্জাতিক মুধানিধিয়ৰ মুখ্য উদ্দেশ্য হ'ল-
(ক) সদস্য দেশবোৰৰ মাজত মুদ্রা সংক্রান্তীয় সহযোগ স্থাপন কৰা।
(খ) আন্তজাতিক লেনদেনৰ ক্ষেত্রত মুদ্রা বিনিময় ব্যবস্থা বহুমুখী কৰা।
(গ) সদস্য অনুয়ত বাষ্ট্রক সুষম অর্থনৈতিক বিকাশ সাধন কৰে।
(ঘ) দেশৰ আন্তর্জাতিক পৰিশোধৰ ক্ষেত্ৰত ভাৰসাম্যতা ৰক্ষা কৰে।
(ঙ) বহুমুদ্রাৰ পৰিবৰ্তনশীল বিনিময় ব্যবস্থাৰ মাধ্যমত আন্তর্জাতিক বাণিজ্যৰ উন্নতি সাধন কৰা।
সামৰণিত ক’ব পাৰি যে এখন দেশৰ অৰ্থনৈতিক প্ৰগতিত বেংকিং ব্যৱস্থাই এক অপৰিহাৰ্য ভূমিকা পালন কৰে। কেন্দ্ৰীয় বেংকৰ পৰা আৰম্ভ কৰি বাণিজ্যিক বেংক, সমবায় বেংক আৰু বিশেষায়িত উন্নয়নী বেংকসমূহলৈকে প্ৰত্যেকৰে কাৰ্যাৱলী সুকীয়া আৰু গুৰুত্বপূৰ্ণ। Class 11 Finance পাঠ্যক্ৰমৰ এই দ্বিতীয় অধ্যায়টোৱে ছাত্ৰ-ছাত্ৰীসকলক আধুনিক বেংকিং জগতখনৰ ভেটি গঢ়াত সহায় কৰে।
আশাকৰোঁ, এই প্ৰবন্ধটোৱে AHSEC 2026 বৰ্ষৰ পৰীক্ষাৰ্থীসকলক তেওঁলোকৰ পৰীক্ষাৰ প্ৰস্তুতিত যথেষ্ট সহায় কৰিব। যদি আপোনাৰ এই পাঠটোৰ সন্দৰ্ভত কিবা সন্দেহ বা প্ৰশ্ন আছে, তেন্তে তলৰ কমেন্ট বক্সত আমাক জনাব পাৰে। আপোনাৰ বন্ধু-বান্ধৱীসকলৰ লগতো এই তথ্যসমৃদ্ধ ব্লগটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।
Thanks for visiting keep learning
