Class 11 Finance Chapter 1 Question Answer Notes: Finance and Financial System (বিত্ত আৰু বিত্তীয় ব্যবস্থা) - AHSEC 2026
অতি চমু প্ৰশ্ন উত্তৰ (1 Mark)
1| ভাৰতবৰ্ষত মুদ্ৰা বজাৰ কোনে নিয়ন্ত্ৰণ কৰে ?
= ভাৰতবৰ্ষত মুদ্ৰা বজাৰ ভাৰতীয় ৰিজাৰ্ভ বেংকে ( RBI ) নিয়ন্ত্ৰণ কৰে ।
2|মুদ্ৰা বজাৰৰ আহিলাৰ এটাৰ উদাহৰণ লিখা ?
= মুদ্ৰা বজাৰৰ আহিলাৰ এটাৰ উদাহৰণ হ ল ট্ৰেজাৰী বিল (Treasury Bill) ।
3| ট্ৰাজাৰী বিল কোনে প্ৰৱৰ্তন কৰে ?
= ট্ৰাজাৰী বিল ভাৰতীয় ৰিজাৰ্ভ বেংকে ( RBI) প্ৰৱৰ্তন কৰে |
4|ব্যৱসায় প্ৰতিষ্ঠানৰ হ্ৰস্বকালীন পুঁজিৰ এটাৰ উৎসৰ নাম লিখা
= বাণিজ্যিক পত্ৰ (Commercial Paper) ।
5। ব্যবসায় প্রতিষ্ঠানৰ দীর্ঘকালীন পুঁজিৰ এটা উৎসৰ নাম লিখা।
= ব্যৱসায় প্ৰতিষ্ঠানৰ দীৰ্ঘকালীন পুঁজিৰ এটা প্ৰধান উৎস হ’ল অংশপত্ৰ।
6। SEBI ৰ সম্পূর্ণ ৰূপটো লিখা।
= Security and Exchange board of India ।
7। IRDA ৰ সম্পূর্ণ ৰূপটো লিখা।
= Insurance Regulatory and Development Authority
8। SIDBI ব সম্পূর্ণ ৰূপটো লিখা।
= Small Industries Development Bank of India ।
চমু উত্তৰ লিখা (2 mark)
১। বিত্তৰ অর্থ লিখা।
= বিত্ত হ ল মুদ্ৰাৰ ব্যৱহাৰ আৰু নিয়ন্ত্ৰণৰ লগত জড়িত এক ব্যৱস্থা | বিত্ত সদায় পৰিকল্পনা, নিয়ন্ত্ৰণ, পুঁজিৰ বা পুঁজিৰ অৰ্জন কৰাৰ লগত জড়িত এক ব্যৱস্থা ।
২। ব্যাক্তিগত বিত্তৰ অর্থ লিখা।
ব্যাক্তিগত বিত্তৰ অর্থ হ ল যি বিত্ত ব্যাক্তি বা ব্যাক্তিগত প্ৰতিষ্ঠানৰ লগত জড়িত হৈ থাকে তাকে ব্যাক্তিগত বিত্ত বোলে । এই বিত্ত ব্যাক্তি বা ব্যাক্তিগত অনুষ্ঠান প্ৰতিষ্ঠানৰ বিত্ত সংগ্ৰহ , লাভ অৰ্জন আদিৰ লগত জড়িত থাকে ।
৩। ৰাজহুৱা বিত্তৰ অর্থ লিখা।
= ৰাজহুৱা বিত্তৰ অর্থ হ ল যি বিত্ত চৰকাৰৰ লগত জড়িত থাকে তাকে ৰাজহুৱা বিত্ত বোলে । এই বিত্ত মুখ্য উদ্দেশ্য হৈছে সমাজৰ বৰঙণি বৃদ্ধি । আৰু এই বিত্ত ই চৰকাৰৰ খৰচ , ৰাইজৰ ধণ আদিৰ লগত জড়িত।
৪। মুদ্রা বজাৰ কি?
= মুদ্ৰা বজাৰ হৈছে হ্ৰস্বকালীন পুঁজিৰ বজাৰ । এই বজাৰত হ্ৰস্বকালীন বিত্তয় লেনদেন সমূহ হয় । মূদ্ৰা বজাৰৰ বিভিন্ন অনুষ্ঠান সমূহ হ ল কেন্দ্ৰীয় বেংক, বাণিজ্যিক বেংক ।
৫। মূলধন বজাৰৰ অর্থ লিখা।
মূলধন বজাৰ হৈছে দীর্ঘকালীন পুঁজিৰ পুঁজিৰ বজাৰ । এই বজাৰত দীর্ঘকালীন পুঁজিৰ বিত্তয় লেনদেন সমূহ হয় । মূলধন বজাৰে দেশৰ জনসাধাৰণৰ সঞ্চয়ক উদ্যোগ , চৰকাৰৰ আদিৰ বিনিয়োগলৈ প্ৰৱাহিত কৰে ।
৬। বিত্তৰ দুটা বৈশিষ্ট্য লিখা।
= বিত্ত দুটা বৈশিষ্ট্য হৈছে :-
•বিত্তই পুঁজিৰ দিশ নিৰ্ণয় কৰে ।
•বিত্তই বিনিয়োগত সুবিধা প্ৰদান কৰে ।
৭। মূলধন বজাৰৰ দুটা আহিলাৰ নাম লিখা।
= মূলধন বজাৰৰ দুটা আহিলাৰ নাম হল :-
• অংশ প্ৰত্র
•ঋণ প্ৰত্র
(8) বিত্তীয় সেৱাৰ দুটা উদাহৰণ লিখা।
= বিত্তীয় সেৱাৰ দুটা উদাহৰণ হ ল :-
•বেংক প্ৰতিষ্ঠান
• বিত্তীয় প্ৰতিষ্ঠান
৯। বেংকিং আৰু অনা-কেংকিং প্রতিষ্ঠানৰ দুটা পার্থক্য লিখা।
= বেংকিং আৰু অনা-বেংকিং প্রতিষ্ঠানৰ দুটা পার্থক্য
হ ল :-
(ক) বেংকিং প্রতিষ্ঠানসমূহৰ বেংকিং কার্য সম্পাদন কৰাৰ বাবে ভাৰতীয় বিজার্ভ বেংকৰ পৰা সম্পূর্ণ অনুজ্ঞাপত্র লাভ কৰে। আনহাতে, অনা-বেংকিং প্রতিষ্ঠানসমূহৰ এনেকুৱা সম্পূর্ণ অনুজ্ঞাপত্র বেংকিং কার্যৰ বাবে নাথাকে।
(খ) বেংকিং প্রতিষ্ঠাসমূহ বেংকিং নিয়ন্ত্রণ আইন ১৯৪৯ ৰ দ্বাৰা নিয়ন্ত্রিত হয়, আনহাতে অনা-বেংকিং বিত্তীয় প্রতিষ্ঠানবোৰ কোম্পানী আইন ২০১৩ ব দ্বাৰা নিয়ন্ত্রিত হয়।
১০। বিত্তৰ দুবিধ কার্যাৱলী লিখা।
= বিত্তৰ দুবিধ কার্যাৱলী হ ল :-
•সিদ্ধান্ত আৰু নিয়ন্ত্ৰণ
• বিত্তীয় পৰিকল্পনা
👉 Also Read HS 1st Year finance Chapter 2 Notes📚
দীঘলীয়া প্ৰশ্ন উত্তৰ আৰু ব্যাখ্যা (Long Questions & Answers) (5/8 mark )
১। বিত্তৰ বিভিন্ন বৈশিষ্টসমূহ লিখা।
= বিত্তৰ বিভিন্ন বৈশিষ্টসমূহ হ ল:-
(ক) বিত্তই পুঁজিৰ দিশ নির্ণয় কৰে (Finance channelize funds) : সংগৃহীত পুঁজিৰ দিশ নির্ণয় কৰাত আৰু সাধাৰণ জনসাধাৰণৰ মাজত কেনেকৈ উপার্জনৰ পৰা কম খৰচ কৰি ৰাহি ধনৰ সঞ্চয় কৰিব পাৰি তাৰ ফলপ্রসূ ব্যবহাৰৰ নিশ্চিতকৰণ কৰে ।
(খ) ৰ্পুজিৰ আৱণ্টন আক ব্যবহাৰ (Allocation and Utilisation of funds): বিওই পুঁজিৰ পৰিমাণ নিৰ্ধাৰণ, পুঁজিৰ সংগ্ৰহ আৰু সংগ্রহ কৰা পুঁজিৰ উপযুক্ত ব্যৱহাৰৰ কাৰ্য সম্পাদন কৰে।
(গ) বিনিয়োগৰ সুবিধা: বিত্তৰ এক বিশেষ গুৰুত্বপূৰ্ণ আৰু প্রয়োজনীয় বৈশিষ্ট। হ'ল বিনিয়োগৰ সুবিধা। বিত্তৰ পর্যাপ্ততাৰ ওপৰত সদায় বিনিয়োগ নির্ভৰ কৰে অর্থাৎ বিনিয়োগৰ সুবিধা তেতিয়াহে সম্ভব হ'ব যেতিয়া বিত্ত পর্যাপ্ত পৰিমাণৰ হ'ব।
(ঘ) সিদ্ধান্ত গ্রহণ (Decision making): বিত্তৰ অন্য এক দৰকাৰী বৈশিষ্ট্য হ'ল সিদ্ধান্ত গ্রহণ। বিত্তৰ কাৰ্যৰ সফলতা নিৰ্ভৰ কৰে যথাসম্ভব বিত্তীয় পৰিকল্পনা প্রস্তুত কৰ্য আৰু পৰিকল্পনাৰ বাস্তৱ ৰূপ দিয়া আৰু নিয়ন্ত্রণ কৰা। এনে সিদ্ধান্তৰ দ্বাৰা ভবিষ্যতৰ লাভার্জন আৰু উপার্জন বৃদ্ধিত প্ৰভাৱ পৰে।
(ঙ) বিত্তৰ পৰিচালনা (Management of finance): ব্যৱসায় প্রতিষ্ঠান অথবা ব্যৱসায় সংগঠন এটাৰ মূল্য নির্ধাৰণ আৰু মূল্য সর্বাধিক কৰাতো বিত্তৰ এক প্রধান বৈশিষ্ট্য। নির্ধাৰণ কৰা লক্ষ্য আৰু সঠিক উদ্দেশ্য
২। বিত্তৰ কার্যাৱলী চমুকৈ ব্যাখ্যা কৰা।
= (ক) সিদ্ধান্ত আৰু নিয়ন্ত্রণ কাৰ্য (Decision and Control): বিত্তৰ কার্যাৱলী সদায় নগদ আহৰণৰ লগত জড়িত হৈ থাকে আৰু নাদবিহীন সম্পত্তিৰ লগত জড়িত।
(খ) বিত্তীয় পৰিকল্পনা (Financial Planning): ব্যৱসায় প্রতিষ্ঠানে আৰু সংগঠন বা কোম্পানীৰ অন্যান্য কাৰ্যৰ লগত বিত্তীয় কার্যাৱলীৰ সম্পর্ক অতি ঘনিষ্ঠ। বিত্ত কার্যৰ সফলতাৰ মূল চাবিকাঠি হ'ল যথাসম্ভব শুদ্ধ বিত্তীয় পৰিকল্পনা প্রস্তুত কৰা। এনেবোৰ পৰিকল্পনাৰ বাস্তবায়িত কৰে বিত্তীয় নিয়ন্ত্ৰণৰ ওপৰত। বিত্তীয় পৰিকল্পনাতে পুঁজিৰ সংগ্ৰহ আৰু পুঁজিৰ পৰিশোধৰ ব্যৱস্থাত অন্তর্ভুক্ত কৰা হয়।
(গ) পুঁজিৰ আৱণ্টন (Allocation of Resources): ব্যৱসায় প্রতিষ্ঠানৰ পৰিচালকে সংগ্ৰহ কৰা পুঁজি সুন্দৰভাকে আৰু পৰিকল্পনাৰ ওপৰত নিৰ্ভৰ কৰি আৱণ্টন কৰিব লাগে। সম্পত্তিৰ প্ৰয়োজনীয় ব্যৱহাৰ, প্রয়োজনৰ গভীৰতা, সম্পত্তিৰ বীমাকৰণ, বিনিয়োগৰ পৰা হ'ব পৰা সম্ভাব্য আয় আদিৰ দিশ বিবেচনা কৰিব লাগে।
(ঘ) পুঁজিৰ সংগ্রহ (Collection of Funds): বিত্ত কার্যাৱলীৰ প্রথম প্রধান আক অতি গুরুত্বপূর্ণ কাম হ ল পুঁজিৰ সংগ্রহ। প্রয়োজনীয় পুঁজি বিভিন্ন উৎসৰ পৰা আৰু ভিন ভিন মাধ্যমৰ দ্বাৰা সংগ্রহ কৰা হয়। বিভিন্ন বিত্তীয় প্রতিষ্ঠান, বেংকে আদিৰ পৰা ঋণ গ্রহণ কৰিও পুঁজিৰ সংগ্রহ কৰা হয়।
(ঙ) আয় বিতৰণ (Disposal of Surplus): ব্যবসায় প্রতিষ্ঠান বা সংগঠনৰ কৰ পৰিশোধ আৰু আনুসংগিক দেনা-দায়িত্ব পৰিশোধ কৰাৰ পিছত যিমান অংশ বাহি হয় সেয়াই হ'ল প্রকৃত লাভ। এই আয় বা লাভবিতৰণৰ দায়িত্ব হ'ল পৰিচালকৰ। এনেবোৰ আয়ৰ পৰাই মূলধনৰ গৰাকীক লাভৰ অংশ পৰিশোধ কৰা হয়। অৱশ্যে ব্যবসায় প্রতিষ্ঠানৰ বিকাশ আৰু সম্প্রসাবাব বাবে পুঁজিৰ কিছু সংৰক্ষণ কৰা হয়।
৩। বিত্তীয় ব্যাবস্থাৰ কার্যাৱলী উল্লেখ কৰা।
= (ক) মধ্যস্থতাকাৰী কার্য (Intermediary functions): বিত্তীয় ব্যবস্থাৰ এক অতি গুৰুত্বপূর্ণ আৰু মুখ্য কার্য হ'ল যে বিত্তীয় ব্যবস্থাই সঞ্চয়কাৰী আৰু বিনিয়োগকাৰীৰ মাজত মধ্যস্থতাকাৰী হিচাবে কার্য সম্পাদন কৰে, যাৰ ফলত জনসাধাৰণৰ মাজত সঞ্চয়ৰ অভ্যাস গড়ি উঠে।
(খ) পুঁজিৰ সোঁত বৃদ্ধি (Channelisation of funds): বিত্তীয় বাৱস্থান দ্বিতীয় গুৰুত্বপূর্ণ কার্য হ'লে যে এই ব্যৱস্থাই অব্যবহৃত পুঁজি লাভজনক খণ্ডত বিনিয়োগ কৰি পুঁজিৰ ব্যৱহাৰ বৃদ্ধি কৰে।
(গ) সংশয় আৰু অনিশ্চয়তা নিয়ন্ত্রণ (Control risk and uncertainty): সংশয় আৰু অনিশ্চয়তা নিয়ন্ত্রণ নিয়ন্ত্রণ আৰু পৰিকল্পনাৰ কৰাৰ ক্ষেত্রত গুৰুত্বপূর্ণ ভূমিকা পালন কৰে ইয়াৰ প্রধান তিনিটা অর্থ হ'ল-
১। বিনিয়োগৰ সম্প্রসাৰণ (Diversification of investment)
২। বীমা (Insurance)
৩। সংৰক্ষণ (Protection)
(ঘ) তথ্যৰ সংগ্ৰহ (Create information): বিত্তীয় ব্যবস্থাই সম্পাদন কৰা অন্য এক গুৰুত্বপূর্ণ কার্য হ ল মূল্য সম্পর্কীয় আগতীয়া তথ্যবোৰ সংগ্ৰহ কৰে যিবোৰ বিভিন্ন বিত্ত সম্বন্ধে সিদ্ধান্ত গ্রহণত ব্যবহাৰ কৰে।
(ঙ) নিগমৰ কাৰ্য নিৰীক্ষণ (Supervise corporate performance): বিত্তীয় ব্যৱস্থাই নিগমৰ কার্যাবলী নিৰীক্ষণ কৰে আৰু বিভিন্ন প্রকল্পত পুঁজিৰ আৱণ্টনৰ নির্বাচনত সহায় কৰে।
৪। বিত্তৰ পাঁচটা উৎস উল্লেখ কৰা।
= বিত্তৰ পাঁচটা উৎস হ'ল:-
(ক) দীর্ঘকালীন বিত্তৰ উৎস (Long term sources of finance): দীর্ঘকালীন বিত্তসমূহ পাঁচবছৰ বা ততোধিক সময়ৰ বাবে ব্যৱহাৰ কৰা হয়। দীর্ঘকালীন বিত্ত বা পুঁজি অগ্রাধিকাৰী অংশ, ইকুইটি অংশ, ঋণপত্র আদিৰ দ্বাৰা সংগ্ৰহ কৰা হয়। এই পুঁজিসমূহ মূলধনী বজাৰৰ পৰা সংগ্ৰহ কৰা হয়।
(খ) মধ্যকালীন বিত্তৰ উৎস (Medium term source of finance): এনেবোৰ বিত্ত এবছৰ আৰু পাঁচ বছৰৰ ভিতৰত ব্যৱহাৰ কৰা হয়। মধ্যকালীন বিত্তৰ উৎসসমূহ হ'ল জনসাধাৰণৰ পৰা আহৰণ, বাণিজ্যিক বেংক, বিত্তীয় অনুষ্ঠানৰ পৰা লোৱা ঋণ আৰু লিজ বিত্ত।
(গ) হ্রস্বকালীন বিত্তৰ উৎস (Short term sources of finance): হ্রস্বকালীন বিত্ত হ'ল যিবোৰ পুঁজি অতি কম সময়ৰ বাবে অর্থাৎ এবছৰৰ কম সময়ৰ বাবে ব্যৱহাৰ কৰা হয়। ব্যৱসায় প্রতিষ্ঠানৰ হ্রস্বকালীন বিত্ত হ'ল কার্যকৰী মূলধন। এনেবোৰ বিত্তৰ মুখ্য উৎস হ'ল বাণিজ্যিক বেংকসমূহ।
(ঘ) গৰাকীৰ পুঁজি (Owners fund): গৰাকীৰ পুঁজি বা বিত্তক গৰাকীৰ মূলধন বুলিও কোৱা হয়, কাৰণ এই পুঁজিৰ যোগান কোম্পানীৰ মালিক বা গৰাকীয়ে নিজস্বভাবে প্রদান কৰে। এনেবোৰ পুজি হ'ল দীর্ঘকালীন মূলধনী পুঁজি।
(ঙ) আহৰণ কৰা পূজি (Borrowed funds) : এনেবোৰ পুঁজি এক নির্দিষ্ট সময়ৰ বাবে আহৰণ কৰা হয়। ব্যবসায় প্রতিষ্ঠানসমূহৰ মাজত এনে পুঁজি অতিকৈ জনপ্রিয়। এনেকুবা পুঁজিৰ উৎস হ'ল ঋণ আৰু অগ্রিম যাক বাণিজ্যিক বেংক আৰু বিত্তীয় প্রতিষ্ঠানৰ পৰা লোৱা হয়।
৫। বিত্তীয় ব্যৱস্থাৰ বৈশিষ্ট্য চমুকৈ লিখা।
= বিত্তীয় ব্যৱস্থাৰ বৈশিষ্টসমূহ হৈছে :-
( ক)বিনিয়োগ আক সঞ্চয়ৰ মাজৰ সম্পর্ক (Linkage between Investment and Savings) : বিত্তীয় ব্যবস্থাই সদয় সঞ্চয় কৰিব পৰা জনসাধাৰণ আৰু পুঁজিৰ প্রয়োজন হোৱা জনসাধাৰণৰ লগত সম্পর্ক ৰক্ষা কৰি থাকে।
(খ) বিত্তীয় বজাৰৰ উন্নয়ন (Development of financial market) : মুদ্রা বজাৰ আৰু মূলধন বজাৰৰ বিকাশ আৰু উন্নয়নৰ ক্ষেত্রত বিত্তীয় ব্যবস্থাৰ ভূমিকা পালন কৰে।
(গ) বিত্তীয় উৎস আরগান (Financial resources allocation): সাধাৰণ জনতা আৰু সামাজিক ক্ষেত্রখনলৈ। বিত্তীয় ব্যবস্থাই ভবিষাত লাভৰ বাবে বিত্তীয় উৎসব আৱণ্টনৰ ব্যবস্থা কৰে।
(ঘ)মূল্য সম্পর্কীয় তথ্য (Price related information): সঞ্চয়কাৰী আৰু বিনিয়োগকাৰী উভয়পক্ষকে বিত্তীয় ব্যবস্থাই সময়ে সময়ে প্রয়োজনীয় আগতীয়া তথ্য প্রদান কৰি উপকৃত কৰে।
(ঙ)অর্থনৈতিক উন্নয়ন-(Economic growth): বিহেতু বিত্তীয় ব্যবস্থাই সঞ্চয়কাৰী আৰু বিনিয়োগকাৰীৰ মাজত সম্পর্ক বাখে, সেয়েহে এখন দেশৰ অর্থনৈতিক উন্নয়ন আৰু বিকাশত উল্লেখযোগ্য সেৱা আগবঢ়াই।
৬। বিত্তীয় ব্যবস্থাৰ উপাদানসমূহ আলোচনা কৰা ।
= বিত্তীয় বাৱস্থাত পাঁচটা প্রধান উপাদান আছে। সেইবোৰ হ ল-
(ক) বিত্তীয় বজাৰ
(খ) বিত্তীয় প্রতিষ্ঠান
(গ) বিত্তীয় আহিলা
(ঘ) বিত্তীয় সেবা
(ঙ) আইনগত কর্তৃপক্ষ
(ক) বিত্তীয় বজাৰ (Finacial Market):
বিত্তীয় ব্যাৱস্থাৰ অতিকৈ গুৰুত্বপূর্ণ উপাদান হ'ল বিত্তীয় বজাৰ। বিত্তীয় হ'ল য'ত ক্রেতা আৰু বিক্ৰেতাই দ্রব্য আৰু সেৱাৰ ক্রয়-বিক্রয় কৰিব পাৰে। বিত্তীয় বজাৰৰ মুখ্য আ অংশগ্রহণকাৰী হ'ল ব্যাক্তি, কোম্পানী যোগানকাৰী জড়িত হৈ থাকে।
বিত্তীয় বজাৰক দুটা ভাগত বিভক্ত কৰা হৈছে
১) মুদ্রা বজাৰ (Money Market)
২) মূলধন বজাৰ (Capital Market)
মুদ্রা বজাৰ হ'ল হ্রস্বকালীন পুঁজিৰ বজাৰ। মুদ্রা বজাৰৰ বিভিন্ন অনুষ্ঠানসমূহ হ'ল বাণিজ্যিক যেত আম কেন্দ্রীয় বোক। মুদ্রা বজাৰৰ কিছুমান উপ-বজাৰ আছে আৰু সেইবোৰ হ'ল-
• তলবী মুদ্রা বজাৰ (Call Money Market)
• গৌণ ঋণৰ বজাৰ (Collateral Loan Market)
• ট্রেজাৰী বিল বজাৰ (Tresury Bill Market) আদি ।
মুদ্রা বজাৰ আকৌ দুটা ভাগত ভাগ কৰা হৈছে-
• সংগঠিত বেংকিং খণ্ড (Organised Banking Sector)
• অসংগঠিত বেংকিং খণ্ড (Unorganised Banking Market)
মূলধন বজাৰৰ মুখ্য উপাদান হ'ল তিনিটা যেনে :-
১। নতুন বিলি বজাৰ (New Issue Market)
২। প্রতিভূতি বিনিময় বজাৰ (Old Issue Market)
৩। বিত্তীয় প্রতিষ্ঠান (Financial Institution)
(খ) বিত্তীয় প্রতিষ্ঠান (Financial Institutions) :
বিত্তীয় প্রতিষ্ঠানসমূহক বিত্তীয় মধ্যস্থতাকাৰী হিচাবেও জনা যায়। যিবোৰে গ্রাহক, ব্যক্তি আৰু ব্যৱসায় প্ৰতিষ্ঠানৰ লাভৰ কাৰণে বিত্তীয় বজাৰত বিভিন্ন সেবা প্রদান কৰে।
বিত্তীয় প্রতিষ্ঠানসমূহক দুটা ভাগত বিভক্ত কৰা হৈছে-
১। বেংকিং প্রতিষ্ঠান (Banking Institution)
২। অনা-বেংকিং বিত্তীয় প্রতিষ্ঠান (Non-banking Financial Institution)
(ঘ) বিত্তীয় সেৱা (Financial Services)
বিত্তীয় ব্যবস্থাৰ এক মুখ্য অংশই হ'ল বিত্তীয় সেৱা ।ভাৰতীয় অর্থনীতিত বিত্তীয় সেৱা হ'ল অতি গুৰুত্বপূর্ণ। । কিছুমান বিত্তীয় সেৱা কৰা অনুষ্ঠান প্রতিষ্ঠান হল-
•বেংক প্রতিষ্ঠান
•লিজিং কোম্পানী
বিত্তীয় সেৱা হ'ল বিত্তীয় প্রতিষ্ঠানৰ দ্বাৰা আগবঢ়োৱা অর্থনৈতিক সেৱা বা কার্য যিয়ে বিত্তৰ পৰিচালনা, বেংকৰ ঋণ, বীমা কোম্পানী, , বিনিয়োগ পুঁজি ইত্যাদি। বিত্তীয় সেৱাৰ বিভিন্ন কার্য যেনে- ঋণ প্রদান, বীমাকৰণ, বেংকিং কার্য আৰু মিউচুৱেল ফাণ্ডৰ লগত জড়িত হৈ থাকে।
(৪) আইিনগত কর্তৃপক্ষ (Regulatory Body):
বিত্তীয় ব্যৱস্থাত বিভিন্ন নিয়ামক কর্তৃপক্ষ জড়িত হৈ থাকে। ইয়াৰ ভিতৰত মুখ্য নিয়ামক কর্তৃপক্ষসমূহ হল-
• ভাৰতীয় বিজার্ভ বেংক (Reserve Bank of India)
• ভাৰতীয় নিৰাপত্তা বিনিময় বর্ড (Security and Exchange Board of India) আদি ।
৭ বেংকিং আৰু অনা-বেংকিং প্রতিষ্ঠানৰ মাজত পাঁচটা পার্থক্য লিখা।
= বেংকিং আৰু অনা-বেংকিং বিত্তীয় প্রতিষ্ঠানৰ মাজৰ পাৰ্থক্য সমূহ হৈছে :-
(ক) বেংকিং প্রতিষ্ঠানসমূহৰ বেংকিং কার্য সম্পাদন কৰাৰ বাবে ভাৰতীয় বিজার্ভ বেংকৰ পৰা সম্পূর্ণ অনুজ্ঞাপত লাভ কৰে। আনহাতে, অনা-বেংকিং প্রতিষ্ঠানসমূহৰ এনেকুৱা সম্পূর্ণ অনুজ্ঞাপত্র বেংকিং কার্যৰ বাবে নাথাকে।
(খ) বেংকিং প্রতিষ্ঠাসমূহ বেংকিং নিয়ন্ত্রণ আইন ১৯৪৯ ৰ দ্বাৰা নিয়ন্ত্রিত হয়, আনহাতে অনা-বেংকিং বিত্তীয় প্রতিষ্ঠানবোৰ কোম্পানী আইন ২০১৩ ৰ দ্বাৰা নিয়ন্ত্রিত হয়।
(গ) বেংকিং প্রতিষ্ঠানসমূহৰ নিয়ন্ত্রণৰ বাবে মুখ্য কর্তৃপক্ষ হ'ল ভাৰতীয় ৰিজাৰ্ভ বেংক, আনহাতে অনা-বেংকিং প্রতিষ্ঠানৰ নিয়ন্ত্রণৰ বাবে কর্তৃপক্ষ হ'ল ভাৰতীয় ৰিজাৰ্ভ বেংক আৰু ভাৰতীয় নিৰাপত্তা বিনিময় বর্ড (SEBI) ।
(ঘ) বেংকিং বিত্তীয় প্রতিষ্ঠানবোৰে ঋণৰ সৃষ্টি কৰিব পাৰে, কিন্তু অনা-বেংকিং প্রতিষ্ঠানবোৰে ঋণ সৃষ্টি কৰিব নোৱাৰে।
(ঙ) বেংকিং প্রতিষ্ঠানবোৰে বিভিন্ন হিচাবৰ দ্বাৰা জনসাধাৰণৰ পৰা জমা বা সঞ্চয় গ্রহণ কৰিব পাৰে, কিন্তু অনা-বেংকিং প্রতিষ্ঠানে তেনে কোনো জমা গ্রহণ কৰিব নোৱাৰে।
(চ) বেংকিং প্রতিষ্ঠানসমূহে গ্রাহকৰ জমাৰ বিপৰীতে বীমাৰ সুবিধা প্রদান কৰিব পাৰে, কিন্তু অনা-বেংকিং প্রতিষ্ঠানে বীমাৰ সুবিধা প্রদান কৰিব নোৱাৰে ।
(8) অৰ্থনৈতিক উন্নয়নত বিত্তীয় ব্যৱস্থাৰ ভূমিকা আলোচনা কৰা।
= এখন দেশৰ অৰ্থনৈতিক উন্নয়ন আৰু বিকাশত বিত্তীয় ব্যৱস্থাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ইয়াৰ প্ৰধান ভূমিকা সমূহ হ'ল—
(ক) সঞ্চয়ৰ গতিশীলতা (Mobilization of Savings): বিত্তীয় ব্যৱস্থাই জনসাধাৰণৰ ওচৰত থকা সৰু সৰু ৰাহি ধন বা সঞ্চয়সমূহ সংগ্ৰহ কৰে আৰু সেইবোৰক বেংক বা অন্যান্য বিত্তীয় প্ৰতিষ্ঠানৰ জৰিয়তে উৎপাদনশীল কামত ব্যৱহাৰ কৰাত সহায় কৰে।
(খ) মূলধন গঠন (Capital Formation): দেশৰ উদ্যোগ আৰু ব্যৱসায় খণ্ডক প্ৰয়োজনীয় মূলধন যোগান ধৰি বিত্তীয় ব্যৱস্থাই মূলধন গঠনত সহায় কৰে। ইয়াৰ ফলত নতুন নতুন উদ্যোগ গঢ়ি উঠে আৰু দেশৰ উৎপাদন বৃদ্ধি পায়।
(গ) বিনিয়োগৰ সুবিধা: বিনিয়োগকাৰীসকলক প্ৰয়োজনীয় ঋণ আৰু অন্যান্য বিত্তীয় সেৱা আগবঢ়াই বিত্তীয় ব্যৱস্থাই বিনিয়োগৰ পৰিৱেশ উন্নত কৰে।
(ঘ) অৰ্থনৈতিক স্থিৰতা: কেন্দ্ৰীয় বেংকৰ (RBI) নীতিৰ জৰিয়তে বিত্তীয় ব্যৱস্থাই মুদ্ৰাস্ফীতি আৰু অৰ্থনীতিৰ উঠা-নমা নিয়ন্ত্ৰণ কৰি দেশত অৰ্থনৈতিক স্থিৰতা বজাই ৰাখে।
( ঙ) কৰ্মসংস্থাপনৰ সুযোগ: উদ্যোগ আৰু ব্যৱসায়ৰ সম্প্ৰসাৰণৰ ফলত দেশত নতুন নতুন কৰ্মসংস্থাপনৰ সৃষ্টি হয়, যিয়ে দৰিদ্ৰতা দূৰীকৰণত সহায় কৰে।
