Class 11 Finance Chapter 3 Assamese Medium ভাৰতীয় বাণিজ্যিক বেংকিং (Commercial Banking in India) AHSEC 2026

Rag Jyoti saikia
By -
0

 বন্ধু -বান্ধৱী সকল Axom Pathshala লৈ স্বাগতম আজি Class 11th Finance chapter 2 ভাৰতীয় বাণিজ্যিক বেংকিং (Commerciala Banking in India ) সকলো খিনি প্ৰশ্ন উত্তৰ পাব মই ইয়াত Most Important Questions খিনি দিছো । মই এই website দ্বাৰা তোমালোকক সদায় সহায় কৰিম । কিবা প্ৰশ্ন থাকিলে মোক Instagram নহলে Mail কৰিব পাৰা ।All The Best for Upcoming Exam ।



Assamese Finance Notes Class 11


Class 11 Finance Chapter 3  ভাৰতীয় বাণিজ্যিক বেংকিং (Commercial Banking in India) AHSEC 2026 Assamese Medium


অতি চমু প্রশ্ন: (1 Marks ) 


১। বেংকৰ সংজ্ঞা লিখা।

             বা 

বেংকিং নিয়ন্ত্রণ আইন ১৯৪৯ অনুযায়ী বেংকৰ সংজ্ঞা লিখা। 


= বেংক নিয়ন্ত্ৰণ আইন ১৯৪৯ (Banking Regulation Act, 1949) ৰ 5(1)b ধাৰা অনুযায়ী বেংক হ’ল ঋণদান বা বিনিয়োগৰ উদ্দেশ্য জনসাধাৰণৰ পৰা আমানত গ্রহণ কৰা । সেই আমানত গ্রাহকৰ দাবী সাপেক্ষে বা অন্য প্ৰকাৰে পৰিশোধ কৰা আৰু গ্ৰহকে চেক ,ড্ৰফ্ ট দি বা অন্য উপায়ে তাক উলিয়াই দিব পৰা কাৰ্য ।


 ২। ভাৰতীয় ষ্টেট বেংকৰ পূৰ্বৰ নাম কি আছিল?

= ভাৰতীয় ষ্টেট বেংকৰ পূৰ্বৰ নাম ইম্পেৰিয়েল বেংক আছিল ।


৩। প্রথম প্রেচিডেন্সি বেংকটোৰ নাম লিখা।

= প্রথম প্রেচিডেন্সি বেংকটোৰ নাম বেংক অৱ কলকাতা ।


৪। ইম্পেৰিয়েল বেংক কোন চনত স্থাপন কৰা হৈছিল?

= ইম্পেৰিয়েল বেংক ১৯২১ চনত স্থাপন কৰা হৈছিল ।


৫। কোন চনত ভাৰতীয় ইম্পেৰিয়েল বেংক আইন প্রণয়ন কৰা হৈছিল?

= ১৯২০ চনত ভাৰতীয় ইম্পেৰিয়েল বেংক আইন প্রণয়ন কৰা হৈছিল ।


৬। কোন চনত ইম্পেৰিয়েল বেংক ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল?

= ১৯৫৫ কোন চনত ইম্পেৰিয়েল বেংক ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল ।


৭। ভাৰতীয় ষ্টেট বেংক কোন চনত স্থাপন কৰা হৈছিল?

= ভাৰতীয় ষ্টেট বেংক ১৯৫৫ চনত স্থাপন কৰা হৈছিল ।


 ৮। শাখা বেংক পদ্ধতি মানে কি বুজা?

= শাখা বেংক পদ্ধতি মানে হৈছে বিভিন্ন বেংক সমূহে নিজৰ বিভিন্ন শাখা খুলি নিজৰ বেংক কাৰ্য সমূহ চলাই। 


৯। গোট বেংক পদ্ধতি মানে কি বুজা?

= গোট বেংক পদ্ধতি মানে একো একোটা অঞ্চলত বা এটা এলেকাত বেংকৰ কাম কায চলাই থাকে ।


১০। আমাৰ দেশত কোনটো বেংকিং পদ্ধতি জনপ্রিয়?

= আমাৰ দেশত শাখা বেংকিং পদ্ধতি জনপ্রিয় ।


১১। আমেৰিকা যুক্তৰাষ্ট্ৰত কি বেংকিং পদ্ধতি জনপ্রিয়?

= আমেৰিকা যুক্তৰাষ্ট্ৰত গোট বেংকিং পদ্ধতি জনপ্রিয় ।


১২। আমাৰ দেশত স্থাপন হোনা প্রথম বেংকটোৰ নাম লিখা।

= বেংক অৱ হিন্দুস্তান (Bank of Hindustan, 1770 চনত স্থাপিত)।


১৩। গ্রুপ বেংকিং পদ্ধতি মানে কি?

= গ্রুপ বেংকিং হৈছে এনে এক বেংকিং প্ৰদ্ধতি য'ত বহু কেইটা বেংক অন্য কোনো মুখ্য প্রতিষ্ঠানৰ দ্বাৰা নিয়ন্ত্রণ আৰু পৰিচালনা হয়।


১৪। তালিকাভুক্ত বেংকৰ অৰ্থ কি?

= যিবোৰ বেংকে RBI Banking act 1934 ৰ দ্বাৰা দ্বিতীয় অনূসূচীত অন্তৰ্ভুক্ত হৈছে তাকে তালিকাভুক্ত বেংক বা অনূসূচীভূক্ত বেংক বুলি কোৱা হয় ।


১৫। অ-তালিকাভুক্ত বেংকৰ অৰ্থ কি?

= যিবোৰ বেংকে RBI Banking actৰ দ্বিতীয় অনূসূচীত অন্তৰ্ভুক্ত হোৱা নাই তাকে অ-তালিকাভুক্ত বেংক বা অ-অনূসূচীভূক্ত বেংক বুলি কোৱা হয় ।


১৬। ব্যক্তিগত খণ্ডৰ বেংক মানে কি?

= ব্যক্তিগত খণ্ডৰ বেংক মানে হৈছে যিবোৰ বেংক চৰকাৰে নিয়ন্ত্রিত আৰু পৰিচালনা নকৰে ।


১৭। ৰাজহুৱা খণ্ডৰ বেংক মানে কি?

= ৰাজহুৱা খণ্ডৰ বেংক মানে হৈছে যিবোৰ বেংক চৰকাৰে নিয়ন্ত্রিত আৰু পৰিচালনা কৰে ।


১৮। ৰাষ্ট্ৰীয়কৰণ অৰ্থ কি?

= ৰাষ্ট্ৰীয়কৰণ মানে বেচৰকাৰী সম্পত্তি বা প্ৰতিষ্ঠানক চৰকাৰী মালিকানালৈ অনা প্ৰক্ৰিয়া (Nationalisation)।


১৯। কোন চনত ১৪ টা বাণিজ্যিক বেংক ৰাষ্ট্ৰীয়কৰণ কৰা

 হৈছিল?

= 1969 চনত ১৪ টা বাণিজ্যিক বেংক ৰাষ্ট্ৰীয়কৰণ কৰা

 হৈছিল ।


চমু উত্তৰৰ প্ৰশ্ন (Short Answer Questions): ( 2/3Marls )


১। প্রেচিডেন্সি বেংক তিনিটাৰ নাম লিখা

= প্রেচিডেন্সি বেংক তিনিটাৰ নাম হৈছে :-

      • বেংক অফ কলকাতা

      • বেংক অফ বম্বে 

      • বেংক অফ মাদ্রাজ 


                               

২। ইম্পেৰিয়েল বেংকৰ সংজ্ঞা লিখা।

= ইম্পেৰিয়েল বেংক অৱ ইণ্ডিয়া হৈছে ১৯২১ চনত তিনিটা প্রেচিডেন্সি বেংক (Bank of Bengal, Bombay আৰু Madras)ৰ একত্ৰীকৰণৰ কৰি নতুন নামকৰণ কৰে । এই বেংক ১৯৫৫ চনত ৰাষ্ট্ৰীয়কৰণ হৈ State Bank of India হয়।


৩। ভাৰতীয় ষ্টেট বেংকৰ বিষয়ে লিখা।

= ভাৰতীয় ষ্টেট বেংক (SBI) হৈছে ভাৰতৰ সৰ্ববৃহৎ ৰাজহুৱা খণ্ডৰ বেংক । ইয়াৰ মুখ্য কাৰ্যালয় মুম্বাই আছে আৰু অন্যান্য বাণিজ্যিক বেংকৰ দ্বাৰা গ্ৰহকৰ আমানত গ্রহণ কৰা , ঋণ প্রদান কৰা আদি কাৰ্য সমূহ সম্পাদন কৰে ।


৪। অনুসূচিত আৰু অনা-অনুসূচিত বেংক কি?

= যিবোৰ বেংকে RBI Banking act 1938 ৰ দ্বাৰা দ্বিতীয় অনূসূচীত অন্তৰ্ভুক্ত হৈছে তাকে তালিকাভুক্ত বেংক বা অনূসূচীভূক্ত বেংক বুলি কোৱা হয় । আনহাতে , যিবোৰ বেংকে RBI Banking actৰ দ্বিতীয় অনূসূচীত অন্তৰ্ভুক্ত হোৱা নাই তাকে অ-তালিকাভুক্ত বেংক বা অ-অনূসূচীভূক্ত বেংক বুলি কোৱা হয় ।


৫। ব্যক্তিগত খণ্ড আৰু ৰাজহুৱা খণ্ডৰ বেংকৰ অর্থ লিখা।

= ব্যক্তিগত খণ্ডৰ বেংক মানে হৈছে যিবোৰ বেংক চৰকাৰে নিয়ন্ত্রিত আৰু পৰিচালনা নকৰে । আনহাতে ,ৰাজহুৱা খণ্ডৰ বেংক মানে হৈছে যিবোৰ বেংক চৰকাৰে নিয়ন্ত্রিত আৰু পৰিচালনা কৰে ।



৬। গ্রুপ বেংকিং আৰু চেইন বেংকিং পদ্ধতিৰ অৰ্থ লিখা।

= গ্রুপ বেংকিং হৈছে এনে এক বেংকিং প্ৰদ্ধতি য'ত বহু কেইটা বেংক অন্য কোনো মুখ্য প্রতিষ্ঠানৰ দ্বাৰা নিয়ন্ত্রণ আৰু পৰিচালনা হয়। আনহাতে চেইন বেংকিং হ'ল য'ত কোনো ব্যক্তিয়ে বা ব্যাক্তৰ সমষ্টিয়ে বহু কেইখন বেংকক নিয়ন্ত্রণ কৰে ।


৭। শাখা বেংকিং আৰু গোট বেংকিং পদ্ধতিৰ অৰ্থ লিখা।

= শাখা বেংক পদ্ধতি মানে হৈছে বিভিন্ন বেংক সমূহে নিজৰ বিভিন্ন শাখা খুলি নিজৰ বেংক কাৰ্য সমূহ চলাই। আনহাতে গোট বেংক পদ্ধতি মানে একো একোটা অঞ্চলত বা এটা এলেকাত বেংকৰ কাম কায চলাই থাকে ।



৮। বিভিন্ন প্ৰকাৰৰ বেংকসমূহৰ নাম লিখা।

=বিভিন্ন প্ৰকাৰৰ বেংকসমূহৰ নাম হৈছে :- 

     • কেন্দ্ৰীয় বেংক 

     • বাণিজ্যিক বেংক

     • বিনিময় বা বৈদেশিক বেংক 

     • বিনিয়োগ বেংক

     • সমবায় বেংক 

     • উন্নয়ন বেংক আদি ।



৯। দুটা ব্যক্তিগত খণ্ডৰ বেংক আৰু দুটা ৰাজহুৱা খণ্ডৰ বেংকৰ নাম লিখা ।

= দুটা ব্যক্তিগত খণ্ডৰ বেংক নাম হ'ল:- 

        • HDFC Bank 

        • ICICI Bank

   দুটা ৰাজহুৱা খণ্ডৰ বেংকৰ নাম হ'ল:- 

        • SBI (State Bank of India)

        • PNB (Punjab National Bank)



 (গ) দীঘল উত্তৰৰ প্রশ্ন:( 5/8Marks)



১। ভাৰতত বেংক ব্যৱস্থাৰ বিকাশ আৰু উন্নয়নৰ বিষয়ে বহলাই লিখা

=ভাৰতবৰ্ষত বেংক ব্যৱস্থাৰ বিকাশক মূলতঃ তিনিটা পৰ্যায়ত ভাগ কৰিব পাৰি:


​ • প্ৰাৰম্ভিক পৰ্যায় (১৮ শতিকাৰ পৰা ১৯২১ চনলৈ): ভাৰতৰ প্ৰথমটো বেংক আছিল ১৭৭০ চনত স্থাপিত 'বেংক অৱ হিন্দুস্তান'। ইয়াৰ পিছত ব্ৰিটিছ শাসনকালত তিনিটা প্ৰেচিডেন্সি বেংক— বেংক অৱ কলকাতা (১৮০৬), বেংক অৱ বম্বে (১৮৪০) আৰু বেংক অৱ মাদ্ৰাজ (১৮৪৩) স্থাপিত হয়।


​ • একত্ৰীকৰণৰ পৰ্যায় (১৯২১ - ১৯৫৫): ১৯২১ চনত ওপৰত উল্লেখ কৰা তিনিওটা প্ৰেচিডেন্সি বেংক একত্ৰিত কৰি 'ইম্পেৰিয়েল বেংক অৱ ইণ্ডিয়া' গঠন কৰা হয়। ই দেশৰ অৰ্থনীতিত এক গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল।


​ • ৰাষ্ট্ৰীয়কৰণ আৰু আধুনিক পৰ্যায় (১৯৫৫ ৰ পৰা বৰ্তমানলৈ): স্বাধীনতাৰ পিছত ১৯৫৫ চনত ইম্পেৰিয়েল বেংকক ৰাষ্ট্ৰীয়কৰণ কৰি 'ভাৰতীয় ষ্টেট বেংক' (SBI) কৰা হয়। ইয়াৰ পিছত ১৯৬৯ চনত ১৪ টা আৰু ১৯৮০ চনত আন ৬ টা বাণিজ্যিক বেংক ৰাষ্ট্ৰীয়কৰণ কৰা হয়। বৰ্তমান ডিজিটেল বেংকিং আৰু ব্যক্তিগত খণ্ডৰ বেংকৰ প্ৰসাৰে ভাৰতীয় বেংক ব্যৱস্থাক বিশ্বমানৰ কৰি তুলিছে।


২। বিভিন্ন প্রকাৰৰ বেংকৰ নাম লিখা আৰু যিকোনো চাৰিটাৰ বিষয়ে চমুকৈ লিখা।

= বিভিন্ন প্ৰকাৰৰ বেংকসমূহৰ নাম হৈছে :- 


     • কেন্দ্ৰীয় বেংক 


     • বাণিজ্যিক বেংক


     • বিনিময় বা বৈদেশিক বেংক 


     • বিনিয়োগ বেংক


     • সমবায় বেংক 


     • উন্নয়ন বেংক আদি ।

  ১) কেন্দ্ৰীয় বেংক  :-যি বেংক দেশৰ বেংক ব্যৱস্থাৰ শীর্ষতম প্রতিষ্ঠান হিচাপে কাম কৰে , যিয়ে বেংকৰ বেংক হিচাপে কাম কৰে , দেশৰ মুদ্ৰা ব্যৱস্থা নিয়ন্ত্ৰণ কৰে যিয়ে নুট প্ৰৱৰ্তন কৰে তাকে কেন্দ্ৰীয় বেংক বোলে । কেন্দ্ৰীয় বেংকৰ দুটা কাৰ্য হ'ল:-

    • দেশৰ বাণ্যিজিক বেংক সমূহৰ কাৰ্য সমূহ নিয়ন্ত্ৰণ কৰা ।

    • দেশৰ নোট ৰ্প্ৰৱতক হিচাপে কাৰ্য সম্পাদন কৰে ।


 ২) বাণিজ্যিক বেংক :- যিবোৰ বেংক RBI আইনৰ মতে পৰিচালিত হয় আৰু যিয়ে জনসাধাৰণৰ পৰা আমানত গ্রহণ কৰা , ঋণ প্রদান কৰা , গ্ৰহকৰ আমানত দাবীৰ মাত্ৰ কে ঘোৰাই দিয়া বেংক বোৰক বাণিজ্যিক বেংক বোলে ।বাণিজ্যিক বেংক দুই প্ৰকাৰৰ যেনে :- তালিকাভুক্ত বেংক  আৰু  অ-তালিকাভুক্ত বেংক 

  ৩)  উন্নয়ন বেংক :- উন্নয়নী বেংক হ’ল এনে এক গুৰুত্বপূর্ণ বিত্তীয় প্ৰতিষ্ঠান, যিয়ে দেশৰ অৰ্থনৈতিক উন্নয়নৰ বাবে উদ্যোগ, কৃষি আৰু অন্যান্য প্ৰতিষ্ঠান সমূহলৈ দীৰ্ঘকালীন পুঁজি বা ঋণৰ যোগান ধৰে। এই বেংকবোৰে কেৱল ঋণ প্ৰদান কৰাই নহয়, লগতে নতুন প্ৰকল্প স্থাপন আৰু আধুনিকীকৰণৰ বাবে কাৰিকৰী পৰামৰ্শও আগবঢ়ায়। ইয়াৰ এটা উদাহৰণ বেংক হ’ল ভাৰতীয় উদ্যোগীক বিশাক বেংক। 


  ৪) বিনিময় বা বৈদেশিক বেংক :- বিনিময় বেংক বা বৈদেশিক বিনিময় বেংক হৈছে এনে এক বিত্তীয় প্ৰতিষ্ঠান যিয়ে বৈদেশিক মুদ্ৰাৰ লেনদেন কৰে। এই বেংকে দেশীয় মুদ্ৰাক বৈদেশিক মুদ্ৰালৈ ৰূপান্তৰ কৰাত সহায় আৰু বৈদেশিক মুদ্ৰা দেশীয় মুদ্ৰা লৈ ৰূপান্তৰিত কৰে। এই বেংকৰ বাবে আমদানি ৰপ্তানি কৰাত সহায় কৰে ।


 


৩। ব্যক্তিগত খণ্ডৰ বেংক আৰু ৰাজহুৱা খণ্ডৰ বেংকৰ মাজত থকা পার্থক্যসমূহ লিখা।

= ব্যক্তিগত খণ্ডৰ বেংক আৰু ৰাজহুৱা খণ্ডৰ বেংকৰ মাজত থকা পার্থক্যসমূহ হ'ল:- 

(ক) ৰাজহুৱা খণ্ডৰ বেংকত ঋণৰ ক্ষেত্ৰত সুদৰ হাৰ কম।আনহাতে ব্যক্তিগত খণ্ডৰ ঋণৰ ক্ষেত্ৰত সুদৰ হাৰ বেছি।

 

(খ) ৰাজহুৱা খণ্ডৰ বেংকসমূহক সম্পূর্ণ নিয়ন্ত্রণ কৰে (খ) ভাৰতীয় বিজার্ভ বেংকে।আনহাতে ব্যক্তিগত খণ্ডৰ বেংকৰ ক্ষেত্ৰত ভাৰতীয় বিজার্ভবেংকৰ সম্পূর্ণ নিয়ন্ত্রণ নাথাকে।


(গ) ৰাজহুৱা খণ্ডৰ বেংকসমূহত সাধাৰণতে চৰকাৰী কর্মচাৰীয়ে তেওঁলোকৰ দৰমহা, স্থায়ী জমা আৰু লকাৰৰ সুবিধাৰ বাবে হিচাব খোলে। আনহাতে ব্যক্তিগত খণ্ডৰ বেংকৰ লক্ষ্য হ'ল কোম্পানীৰ কৰ্মচাৰী-গ্রাহকৰ দৰমহাৰ হিচাব, ক্রেডিট কার্ড, নেট বেংকিং আদি।


(ঘ) গোটেই দেশজুৰি ৰাজহুৱা খণ্ডৰ বেংকৰ শাখাৰ সংখ্যা বেছি। আনহাতে ব্যক্তিগত খণ্ডৰ বেংকৰ শাখাৰ সংখ্যা দেশজুৰি সীমিত।


(৬) ৰাজহুৱা খণ্ডৰ বেংকৰ গ্ৰাহকৰ সংখ্যা বহুত। আনহাতে ব্যক্তিগত খণ্ডৰ ব্যক্তিগত খণ্ডৰ বেংকৰ গ্ৰাহকৰ সংখ্যা কম আৰু সীমিত।


(চ) গ্রাহকৰ হিচাব পৰিচালনাৰ খৰচ ৰাজহুৱা খণ্ডৰ বেংকৰ কম।আনহাতে ব্যক্তিগত খণ্ডৰ বেংকে গ্ৰাহকৰ হিচাব পৰিচালনাৰ বাবে অতিৰিক্ত খৰচ লয়।


(ছ) ৰাজহুৱা খণ্ডৰ বেংকৰ আদায়কৃত অংশ মূলধন কমেও ৫১ শতাংশ চৰকাৰে বৰঙণি প্রদান কৰে।আনহাতে ব্যক্তিগত খণ্ডৰ বেংকৰ অংশ মূলধনৰ চৰকাৰে বৰঙণি প্রদান কৰাৰ কোনো বাধ্য-বাধকতা নাথাকে।


৪। শাখা বেংকিং পদ্ধতি আৰু গোট বেংকিং পদ্ধতিৰ মাজত থকা পার্থক্যবোৰ লিখা।

= শাখা বেংকিং পদ্ধতি আৰু গোট বেংকিং পদ্ধতিৰ মাজত থকা পার্থক্যবোৰ হ'ল 


(ক) বৃহৎ বেংক প্রতিষ্ঠান হোবা হেতুকে বৃহৎ পৰিমাণৰ মিতব্যয়িতা লাভ কৰে। আনহাতে , গোট বেংকিং আকাৰ আৰু পৰিসৰ অতি সীমিত হোৱাৰ বাবে পৰিচালনাৰ ক্ষেত্ৰত অমিতব্যয়িতা থাকি যায়।


(খ) বেংকেৰ পুজিৰ বিনিয়োগৰ ক্ষেত্ৰত আশংকা আৰু দায়িত্ব হ্রাস হয় কাৰণ দেশৰ বিভিন্ন অঞ্চলত শাখা সম্প্ৰসাৰিত হয়।আনহাতে গোট বেংকিং বিনিয়োগ কৰা পুজিৰ দায়িত্ব আৰু আশংকা বৃদ্ধি হয় কাৰণ আন শাখা বা কার্যালয় নাথাকে।


(গ) এই পদ্ধতিত এটা শাখাই প্রয়োজনসাপেক্ষে অন্য শাখাৰ পৰা পুজি স্থানান্তৰ অথবা সংগ্ৰহৰ সুবিধা লাভ কৰে।আনহাতে গোট বেংকিং পদ্ধতিত শাখা নথকা হেতুকে পুজিৰ সংগ্ৰহ বা স্থানান্তৰৰ সুবিধা নাপায়।


(ঘ) এই পদ্ধতিত কম পৰিমাণৰ নগদ সংৰক্ষণ ৰাখি বেংক ব্যবসায় চলাই নিব পাৰে।আনহাতে গোট বেংকিং পদ্ধতিত নগদ সংৰক্ষণৰ পৰিমাণ বেছিকৈ ৰাখিব লাগে।



(ঙ) দেশৰ বিভিন্ন শাখাৰ দ্বাৰা লাভজনকভাবে পুজিৰ বিনিয়োগ কৰিব পাৰে।আনহাতে গোট বেংকিংত অন্য ঠাইত শাখা নথকাৰ বাবে পুজি বিনিয়োগব এনে সুবিধা লাভ নকৰে।


(চ) শাখা বেংকিং পদ্ধতিত উন্নত-অনুন্নত, নগৰ-চহৰ, গ্রামাঞ্চল আদিত শাখা সম্প্ৰসাৰণ কৰি দেশৰ অর্থনৈতিক উন্নয়নত আৰু বেংকৰ সুবিধা প্রদান কৰাত সহায় কৰে।আনহাতে গোট বেংকিং পদ্ধতিত বেংকৰ লোকচান হোৱাৰ আশংকা কৰি অনুন্নত আৰু গ্রাম্য অঞ্চলত বেংকৰ কাৰ্যালয় স্থাপন নকৰে ফলত অনুন্নত অঞ্চল বেংক সেৱাৰ পৰা বঞ্চিত হয়।


(ছ) এই পদ্ধতিত কোনো এটা শাখা লোকচানৰ সম্মুখীন হ'লেও অন্য শাখাৰ ওপৰত ভিত্তি কৰি বেংকৰ কাম-কাজ চলাই নিব পাৰে। আনহাতে গোট বেংকিং পদ্ধতিত এনে সুবিধা নাথাকে কাৰণ ইয়াৰ অন্য শাখা নাথাকে।


(জ) শাখা বেংকিং পদ্ধতিৰ বেংকৰ কাৰ্যপৰিসৰ দেশৰ সকলো ঠাইতে থকাৰ বাবে সমগ্র দেশব অর্থনৈতিক তথ্যপাতি সংগ্ৰহ কৰিব পাৰি।আনহাতে গোট বেংকিং পদ্ধতিত এনে সুবিধা নাথাকে কাৰণে একোটা অঞ্চলতে ইয়াৰ কাৰ্যপৰিসৰ সীমাবদ্ধ হৈ থাকে।


৫। বেংক ৰাষ্ট্ৰীয়কৰণ বুলিলে কি বুজা? বেংকসমূহৰ ৰাষ্ট্ৰীয়কৰণৰ উদ্দেশ্যসমূহ বর্ণনা কৰা।


= ৰাষ্ট্ৰীয়কৰণ: যেতিয়া কোনো ব্যক্তিগত মালিকানাধীন বেংকক আইনৰ জৰিয়তে চৰকাৰী মালিকানা আৰু নিয়ন্ত্ৰণলৈ অনা হয়, তাক বেংক ৰাষ্ট্ৰীয়কৰণ বোলে। ভাৰতত ১৯৬৯ চনত প্ৰথমবাৰৰ বাবে বৃহৎ পৰিসৰত বেংক ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল।

উদ্দেশ্যসমূহ:

• অৰ্থনৈতিক বৈষম্য দূৰ কৰা: দেশৰ সম্পদ যাতে কেৱল কেইজনমান পুঁজিপতিৰ হাতত আৱদ্ধ নাথাকে, তাৰ বাবে ৰাষ্ট্ৰীয়কৰণ কৰা হয়।

• গ্ৰাম্য উন্নয়ন: চহৰৰ লগতে গাঁৱৰ পিছপৰা অঞ্চলসমূহলৈ বেংক সেৱা সম্প্ৰসাৰণ কৰা।

• কৃষি আৰু ক্ষুদ্ৰ উদ্যোগক অগ্ৰাধিকাৰ: কৃষি খণ্ড আৰু সৰু সৰু উদ্যোগসমূহক সহজ চৰ্তত ঋণ প্ৰদান কৰা।

• জনসাধাৰণৰ সুৰক্ষা: চৰকাৰী মালিকানাত থকা বাবে বেংকত জমা থকা জনসাধাৰণৰ ধন অধিক সুৰক্ষিত হয়।

 

৬। নায়ক বেংক আঁচনিৰ উদ্দেশ্য আৰু কার্যাবলী বহলাই লিখা।

= নায়ক বেংক আঁচনিৰ মুখ্য উদ্দেশ্য:

(ক) দেশৰ পিছপৰা অঞ্চলত শাখা সম্প্ৰসাৰণ কৰি জনসাধাৰণৰ মাজত সঞ্চয়ৰ অভ্যাস গঢ়ি তোলা আৰু অর্থনৈতিক উন্নয়নৰ বাবে ঋণ আৰু আঁচনিৰ প্রয়োজনীয় ব্যৱস্থা গ্রহণ কৰা।


(খ) জিলাভিত্তিক নির্দিষ্ট বাণিজ্যিক বেংকে নেতৃত্ব লৈ জিলাখনৰ সর্বাংগীন উন্নয়নৰ স্বার্থত প্রয়োজনীয় আৰু সু-সমন্বয়ৰ ভিত্তিত ঋণ প্রদানৰ বাবে ব্যৱস্থা গ্রহণ কৰা।


(গ) নির্দিষ্ট জিলাখনৰ অর্থনৈতিক উন্নয়ন আৰু বিকাশৰ বাবে জিলাখনত থকা বানিজ্যিক বেংক, সমবায় বেংক আৰু অন্যান্য বিত্তীয় প্রতিষ্ঠানৰ বিভিন্ন বেংক সম্বন্ধীয় কাম-কাজৰ মাজত সমন্বয় স্থাপন কৰা।


নায়ক বেংক আঁচনিৰ কার্যাৱলী:


 (ক) নির্দিষ্ট কৰি দিয়া জিলাখনৰ যিবোৰ পিছপৰা অঞ্চলত শাখা সম্প্রসাৰণ হোৱা নাই সেই অঞ্চলসমূহৰ চিনাক্তকৰণ কৰা।


(খ) জিলাখনত বেংক সেৱাৰ সম্ভাৱনা আৰু সম্পদৰ সম্বন্ধে জৰীপ চলোৱা।


৭। গ্রুপ বেংকিং আৰু চেইন বেংকিং পদ্ধতিৰ অৰ্থ লিখা। এনে পদ্ধতিৰ সুবিধা আৰু অসুবিধাবোৰ লিখা ।

= গ্রুপ বেংকিং হৈছে এনে এক বেংকিং প্ৰদ্ধতি য'ত বহু কেইটা বেংক অন্য কোনো মুখ্য প্রতিষ্ঠানৰ দ্বাৰা নিয়ন্ত্রণ আৰু পৰিচালনা হয়। আনহাতে চেইন বেংকিং হ'ল য'ত কোনো ব্যক্তিয়ে বা ব্যাক্তৰ সমষ্টিয়ে বহু কেইখন বেংকক নিয়ন্ত্রণ কৰে । 

গ্রুপ বেংকিং পদ্ধতিৰ সুবিধা আৰু চেইন বেংকিং পদ্ধতিৰ সুবিধা

   • সম্পদৰ সৰ্বোচ্চ ব্যৱহাৰ: ধনৰ অভাৱ হোৱা বেংকত অতিৰিক্ত ধন থকা বেংকৰ পৰা স্থানান্তৰ কৰিব পাৰি।

   • প্ৰতিযোগিতা ক্ষমতা বৃদ্ধি: বৃহৎ পৰিসৰৰ কাৰ্যই বেংকসমূহক শক্তিশালী কৰে।

গ্রুপ বেংকিং পদ্ধতিৰ অসুবিধা আৰু চেইন বেংকিং পদ্ধতিৰ অসুবিধা

   • অনিয়মৰ সম্ভাৱনা: নিয়ন্ত্ৰণকাৰী গোটে নিজৰ স্বাৰ্থত বেংকৰ ধনৰ অপব্যৱহাৰ কৰিব পাৰে।

   • দক্ষতাৰ হ্ৰাস: কোনো এটা বেংকে কৰা ভূলৰ বাবে অন্য বেংকৰে ক্ষতিসাধন কৰে ।



৮। ভাৰতীয় ষ্টেট বেংকৰ কাৰ্যাৱলী ব্যাখ্যা কৰা।

= ভাৰতীয় ষ্টেট বেংক (SBI) হৈছে ভাৰতৰ সৰ্ববৃহৎ ৰাজহুৱা খণ্ডৰ বেংক । ইয়াৰ কাৰ্যাৱলী সমূহ হ'ল:- 


  ১। আমানত গ্রহণ (Accepting Deposit): বেংকত প্ৰৱৰ্তিত বিভিন্ন হিচাবৰ জৰিয়তে জনসাধাৰণৰ পৰ অন্যান্য বাণিজ্যিক বেংকৰ দৰে ভাৰতীয় স্টেট বেংকেও আমানত তথা জমা গ্রহণ কৰে।


২। ঋণ আৰু অগ্রিম প্রদান (Provide Loans and Advances): ভাৰতীয় ইষ্টেট বেংকে গ্রাহকৰ উপৰিও ব্যৱসায়ী, উদ্যোগী আদিক ঋণ আৰু অগ্রিম প্রদম কৰে।  


৩। বিনিয়োগ আৰু ঋণ গ্রহণ (Investment and Borrows): ভাৰতীয় ষ্টেট বেংকে গ্রাহকক ঋণ হিচাব প্ৰদান কৰাৰ উপৰিও চৰকাৰী নিৰাপত্তাত বিনিয়োগ কৰি আৰু প্রয়োজনসাপেক্ষে ভাৰতীয় ৰিজার্ভ বেংকৰ পৰা ঋণ আহৰণ কৰে।


৪। বিনিময় পত্ৰৰ লেনদেন (Deals with Bill of Exchange): ভাৰতীয় ষ্টেট বেংকে গ্রাহকৰ হকে বিনিময় পত্র গ্রহণ কৰে, বাট্টাকৰণ কৰে আৰু ক্রয়-বিক্রয় কার্যও সম্পাদন কৰে।


৫। বৈদেশিক মুদ্রাৰ লেনদেন (Deals with Foreign Exchange): ভাৰতীয় ষ্টেট বেংকক বৈদেশিক মুদ্রাৰ লেনদেনৰ বাবে ক্ষমতা প্রদান কৰা হৈছে। সেই অনুসৰি ষ্টেট বেংকে বৈদেশিক মুদ্রাক ভাৰতীয় মুদ্রালৈ আৰু ভাৰতীয় মুদ্রাক বৈদেশিক মুদ্রালৈ ৰূপান্তৰৰ কার্য সম্পাদন কৰে।


৬। সোণ-ৰূপ আদিৰ ক্রয়-বিক্রয় (Purchase and Sells Gold and Silver): ভাৰতীয় ষ্টেট বেংকে সোণ-ৰূপৰ ক্রয়-বিক্রয় কার্য সম্পাদন কৰে।  


৭। প্রতিনিধি হিচাবে (As an Agent): যিকোনো অনুমোদনপ্রাপ্ত আৰু পঞ্জীয়নভুক্ত সমবায় বেংকৰ প্রতিনিধি হিচাবে ভাৰতীয় ষ্টেট বেংকে কার্য সম্পাদন কৰে ।


৮। মুদ্রাৰ স্থানান্তৰ (Money Transfer): ভাৰতীয় স্টেট বেংকে গ্রাহকৰ জমা ধন তেওঁৰ নির্দেশমর্মে অথবা দাবীসাপেক্ষে এজন ব্যক্তিৰ পৰা আন এজনলৈ আৰু চেকৰ দ্বাৰা এঠাইৰ পৰা আন ঠাইলৈ স্থানান্তৰৰ কাম কৰে। ইয়াৰ উপৰিও অনলাইন আৰু মোবাইল বেংকিং পদ্ধতিৰ দ্বাৰাও বেংকে এটা শাখাৰ পৰা অন্য এটা বেংকৰ শাখালৈ, এটা বেংকৰ পৰা আন এটা বেংকলৈ আৰু এঠাইৰ পৰা আন ঠাইলৈ সহজে ধনৰ স্থানান্তৰা কৰিব পাৰে ।

Post a Comment

0 Comments

Post a Comment (0)
3/related/default