EWS Scholarship in Assam 2026: Class 12 ৰ পিছত উচ্চ শিক্ষাৰ বাবে সম্পূৰ্ণ Guide 2026

Rag Jyoti saikia
By -
0

🎓 অসমৰ EWS ছাত্ৰ-ছাত্ৰীৰ বাবে সুখবৰ!

​আপুনি বা আপোনাৰ চিনাকি কোনোবাই এই বছৰ Class 12 উত্তীৰ্ণ হৈছে নেকি? তেন্তে উচ্চ শিক্ষাৰ বাবে চৰকাৰী স্কলাৰশ্বিপ কেনেকৈ লাভ কৰিব পাৰি, তাৰ সম্পূৰ্ণ তথ্য আমাৰ শেহতীয়া ব্লগটোত পঢ়ক।

​✅ কি কি Documents লাগিব?

✅ কোনটো পৰ্টেলত Apply কৰিব?

✅ আটাইতকৈ বেছি টকা পোৱা স্কলাৰশ্বিপ কোনবোৰ?

আহক জানো Axom Pathshala ৰ দ্বাৰা 

EWS Scholarship in Assam 2026


EWS Scholarship for Class 12 Students in Assam 2026: Apply for Higher Education – Eligibility, Benefits & Full Guide (Science, Arts, Commerce Streams


is there any scholarship in assam for ews students (অসমত EWS ছাত্ৰ-ছাত্ৰীৰ বাবে স্কলাৰশ্বিপৰ সুবিধা আছে নেকি?)

Assam ৰ EWS (Economically Weaker Section) category ৰ ছাত্ৰ-ছাত্ৰীসকলে Class 12  (HS) পিছত higher education UG courses  বাবে  যেনে Science, Engineering, Medical, B.Sc ইত্যাদিত  পঢ়িবলৈ বহুত স্কলাৰশ্বিপ পাব পাৰে কিন্তু অসমত  EWS-dedicated state post-matric scholarship নাই SC/ST/OBC ৰ দৰে, কিন্তু central schemes বহুত আছে য'ত  অসমৰ students ও apply কৰিব পাৰে য'ত students খিনি  National Scholarship Portal (NSP) গৈ Apply কৰিব পাৰে ।

EWS Certificate কেনেকৈ বনাব? (Eligibility and Documents Required)

EWS certificate বনাবলৈ আপোনাৰ পৰিয়ালৰ আয় ₹8 lakh তকৈ কম হব লাগিব  ।  

  • Documents: 

  •Aadhaar, 

  • income proof (salary slip/ITR), asset details (land/house), 

  • PRC (Permanent Resident Certificate), 

  • photo লাগিব  আৰু কথা মনত ৰাখিব এই certificate খন আহোতে অকন Time লাগে ।  

 Class 12 ৰ পিছত EWS ছাত্ৰ-ছাত্ৰীৰ বাবে কেইটামান উল্লেখযোগ্য Scholarship 

 • Post-Matric Scholarship for EBC/EWS (Economically Backward Class)

 •Ministry of Social Justice and Empowerment ৰ central scheme।

 • Eligibility: পৰিয়ালৰ বাৰ্ষিক আয় ≤ ₹2.5 lakh ,Assam domicile, 12ত  ভাল নম্বৰ ( minimum 50-60%), post-12th courses (Science/Engineering/Medical/UG) ৰ বাবে।

Benefits: Tuition fee + maintenance allowance ₹10,000-20,000+ per year, course অনুসৰি পাব 

Apply ক'ত ক'ত  কৰিব পাৰিব Scholarshipৰ বাবে 

  •NSP (scholarships.gov.in) ত "Post-Matric Scholarship for EBC Students" under apply কৰিব লাগিব। 

  •PM Young Achievers Scholarship Award Scheme for Vibrant India (PM-YASASVI)

   •EWS/EBC/DNT students ৰ বাবে post-matric।

সকলো Scholarshipৰ বাবে Eligibility লাগিব 

EWS category, family income low, good marks (80%+ in 12th priority), top institutions (IITs, NITs, Medical colleges) ত admission থাকিলে বহুত ভাল। Science students ৰ বাবে আদৰ্শ 

Benefits: Full tuition + fees cover (high amount), hostel, books ইত্যাদি।

NSP ত apply কৰিব বাবে কি কি Scholarshipৰ option আছে 

  • Central Sector Scheme of Scholarships for College and University Students

  •Merit-based + means (EWS ত যদি income low)। 12ৰ  পিছত UG courses ৰ বাবে।

  •Eligibility: HS ত 80%+, family income ≤ ₹4.5-8 lakh।

  •Benefits: ₹12,000-20,000 per year।

 • Ishan Uday Special Scholarship (UGC – North East Special)

 • North East (Assam included) ৰ বাবে means-cum-merit।

 • Eligibility: NER domicile, family income ≤ ₹4.5 lakh, 12ৰ পাছত first year UG admission (general/technical/medical/paramedical)।

 • Benefits: ₹5,400/month general degree ৰ বাবে, ₹7,800/month technical/medical ৰ বাবে।

স্কলাৰশ্বিপৰ নাম যোগ্যতা (Eligibility) মূল সুবিধা (Benefits)
Ishan Uday (UGC) উত্তৰ-পূৰ্বাঞ্চলৰ বাসিন্দা, আয় ≤ ₹4.5 লাখ মাহে ₹5,400 - ₹7,800 লৈকে
Post-Matric (EBC/EWS) অসমৰ বাসিন্দা, আয় ≤ ₹2.5 লাখ বছৰি ₹10,000 - ₹20,000 লৈকে
PM-YASASVI মেধাৱী ছাত্ৰ-ছাত্ৰী, আয় ≤ ₹2.5 লাখ টিউচন মাচুল আৰু হোষ্টেল সাহায্য
Central Sector Scheme HS ত 80%+, আয় ≤ ₹4.5 লাখ বছৰি ₹12,000 - ₹20,000 লৈকে

 

 National Scholarship Portal (NSP) ত কেনেকৈ Apply কৰিব? (Step-by-Step Guide)

scholarships.gov.in ত যাওক।

One Time Registration (OTR) বনাওক Aadhaar ৰ সৈতে।

Login কৰি scheme select কৰক (EWS/EBC/Post-Matric)।

Form fill কৰক, documents upload (marksheet, EWS certificate, bank details)।

Submit কৰক আৰু track কৰক।

Deadlines: 2026 ত  usually Oct -Dec ৰ পৰা Jan/Feb লৈ  আৰম্ভ হয়। 

আবেদনৰ বাবে প্ৰয়োজনীয় নথি-পত্ৰ (Required Documents):

​স্কলাৰশ্বিপৰ বাবে National Scholarship Portal (NSP) বা অন্যান্য চৰকাৰী পৰ্টেলত আবেদন কৰাৰ আগতে তলত দিয়া Documents সমূহ স্কেন কৰি সাজু কৰি ৰাখিব:

​. • EWS চাৰ্টিফিকেট (EWS Certificate): সক্ষম কৰ্তৃপক্ষৰ (যেনে- ৰাজহ চক্ৰ বিষয়া) দ্বাৰা প্ৰদান কৰা শেহতীয়া EWS চাৰ্টিফিকেট।

​ • আয়ৰ প্ৰমাণ পত্ৰ (Income Certificate): পৰিয়ালৰ বাৰ্ষিক আয় নিৰ্ধাৰিত সীমাতকৈ কম হোৱাৰ প্ৰমাণ পত্ৰ।

​ • স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ (PRC): অসমৰ স্থায়ী বাসিন্দা হোৱাৰ প্ৰমাণ হিচাপে PRC বা ডমিচাইল চাৰ্টিফিকেট।

• শিক্ষাগত অৰ্হতাৰ প্ৰমাণ পত্ৰ (Educational Documents):

​    Class 10-ৰ মাৰ্কশ্বীট আৰু পাছ চাৰ্টিফিকেট।

    Class 12 (HS) পৰীক্ষাৰ মাৰ্কশ্বীট।

​ •  নামভৰ্তিৰ প্ৰমাণ (Admission Proof): বৰ্তমান উচ্চ শিক্ষাৰ বাবে নামভৰ্তি কৰা কলেজ বা বিশ্ববিদ্যালয়ৰ নামভৰ্তিৰ ৰছিদ (Admission Receipt) বা ফিচ ষ্ট্ৰাকচাৰ।

​ • আধাৰ কাৰ্ড (Aadhaar Card): ছাত্ৰ-ছাত্ৰীজনৰ নিজৰ আধাৰ কাৰ্ড (আধাৰৰ সৈতে মোবাইল নম্বৰ লিংক থকাটো বাধ্যতামূলক)।

​.•  বেংক পাছবুক (Bank Passbook): ছাত্ৰ-ছাত্ৰীজনৰ নিজৰ নামত থকা বেংক একাউণ্টৰ প্ৰথম পৃষ্ঠাৰ ফটো। মনত ৰাখিব, একাউণ্টটো আধাৰ চিডিং (Aadhaar Seeding) হৈ থকাটো জৰুৰী।

​ • ফটো আৰু চহী (Photo & Signature): শেহতীয়া পাছপ’ৰ্ট চাইজৰ ফটো আৰু আপোনাৰ স্কেন কৰা চহী।

​ • College ৰ পৰা বোনাসাইড চাৰ্টিফিকেট (Bonafide Certificate): আপুনি যিখন শিক্ষানুষ্ঠানত পঢ়ি আছে, তাৰ পৰা প্ৰদান কৰা বোনাসাইড চাৰ্টিফিকেট।

মনত ৰাখিব: বেছিভাগ Scholarship ক্ষেত্ৰত এইসমূহ নথিপত্ৰৰ Size  নিৰ্ধাৰিত সীমাৰ ভিতৰত (যেনে- PDF বা JPEG format-ত 200kb-ৰ তলত  হ’ব লাগে।

আবেদন কৰোঁতে কৰা কিছুমান সাধাৰণ ভুল (Common Mistakes):

১. Mismatch in Details : আধাৰ কাৰ্ড, বেংক পাছবুক আৰু মাৰ্কশ্বীটত থকা নামৰ বানান বা জন্মৰ তাৰিখৰ match নোহোৱা। আবেদন কৰাৰ আগতে এইসমূহ নথিপত্ৰ একে কৰি লোৱাটো জৰুৰী।

​২. ভুল বেংক ডিটেইলচ (Wrong Bank Details): বেংক একাউণ্ট নম্বৰ বা IFSC ক'ড ভুলকৈ দিয়া। লগতে, বেংক একাউণ্টটো active হৈ থকা আৰু আধাৰৰ সৈতে লিংক (Aadhaar Seeding) হৈ থকাটো প্ৰয়োজন ।

৩. নথি-পত্ৰ স্পষ্ট নোহোৱা (Blurry Documents): বহুতে মোবাইলত ফটো তুলি অস্পষ্ট বা পঢ়িব নোৱাৰা নথি-পত্ৰ আপলোড কৰে, যাৰ ফলত verification সময়ত আবেদনখন Rreject হয়।

৪. অন্তিম সময়ৰ বাবে ৰৈ থকা (Waiting for Deadline): শেষ মুহূৰ্তত চাৰ্ভাৰৰ সমস্যা হ'ব পাৰে, সেয়েহে Deadlineৰ ১০-১৫ দিন আগতেই আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা উচিত।



আশা কৰোঁ, এই লিখনীটোৱে অসমৰ EWS শ্ৰেণীৰ মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ উচ্চ শিক্ষাৰ বাবে উপযুক্ত স্কলাৰশ্বিপ বিচাৰি পোৱাত সহায় কৰিব। মনত ৰাখিব, সঠিক সময়ত আবেদন কৰাটো অতি প্ৰয়োজনীয়, সেয়েহে সকলো নথি-পত্ৰ আগতীয়াকৈ সাজু কৰি ৰাখিব।

​যদি আপোনাৰ আবেদন কৰোঁতে কিবা অসুবিধা হয় বা আন কিবা জানিবলগীয়া থাকে, তেন্তে তলত Comment কৰি আমাক জনাওক। লগতে এই তথ্যখিনি আপোনাৰ বন্ধু-বান্ধৱীৰ সৈতেও Share কৰক যাতে সকলোৱে ইয়াৰ সুবিধা ল'ব পাৰে।

Post a Comment

0 Comments

Post a Comment (0)
3/related/default